আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২৫০ জন লোকৰ মৃত্যু ...

 


বুধবাৰে ৰাতিপুৱা ভাৰতৰ চুবুৰীয়া আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্প হৈছিল। আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আফগানিস্তানত হোৱা ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও, পাকিস্তান আৰু মালয়েছিয়াতো কম্পন অনুভৱ কৰা হৈছে।

দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, দক্ষিণ আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ২৫০ জন লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ কেন্দ্ৰস্থল ৰাজধানী কাবুলৰ দক্ষিণে খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল।

Post a Comment

0 Comments