কোভিড আক্ৰান্ত উদ্ধৱ থাকৰে! বিয়লি ভাৰ্ছুৱেল বৈঠকত মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

 


ৰাজ্যপাল ভগত সিং কোশ্যাৰিৰ পিছত এইবাৰ কোভিডত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। আজি দুপৰীয়া ১ বজাত মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ আহে। সূত্ৰ অনুসৰি, ভাৰ্ছুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে তেওঁ। জানিব পৰা মতে, ভাৰ্ছুৱেল বৈঠকত বিয়লি ৫ বজাত উপস্থিত থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই বৈঠকতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলিও সূত্ৰত প্ৰকাশ। প্ৰশ্ন উঠিছে, বিধানসভা ভাঙি অসমত বিদ্ৰোহী ছিন্দেৰ কেম্পলৈ যাব নেকি উদ্ধৱ থাকৰেও?

উল্লেখযোগ্য যে তীব্ৰ ৰাজনৈতিক সংকটে দেখা দিছে মহাৰাষ্ট্ৰত। এনে এক সংকটৰ সময়তে কোভিডৰ লক্ষণ দেখা দিয়াত মুম্বাইত হাস্পতালত ভৰ্তি হয় ৰাজ্যপাল ভগত সিং কোশ্যাৰী। শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ শিন্দেই আজি মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰাৰ বাবে সময় বিচাৰিছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল ৰাজ্যপালৰ অসুস্থতাৰ বাবে। বৰ্তমান ৪০ বিসম্বাদী বিধায়কৰ সৈতে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতিছে শিন্দেই। ইয়াৰ মাজতে আহিল মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ।

Post a Comment

0 Comments