দেশত ঊর্ধ্বমুখী Active Case! অতিক্ৰম হ’ল ৭৬ হাজাৰ পজিটিভ কেচ! দৈনিক কোৰোণা সংক্রমণক লৈ শংকা বাঢ়িছে...


 

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১২,৭১ জন লোক নতুনকৈ পজিটিভ হৈছে। দেওবাৰে সেয়া আছিল প্ৰায় ১২,৯০০।

কোৰোণা সংক্রমণক লৈ উদ্বেগ বাঢ়িছে দেশত। যোৱা এটা দিনত সংক্ৰমণৰ সংখ্যা কমিলেও বাঢ়িছে মৃত্যুৰ সংখ্যা। একে সময়তে বাঢ়িছে পজিটিভ কেচৰ সংখ্যা। সপ্তাহৰ প্রথম দিনটোত দেশৰ কোভিড (COVID-19) গ্রাফে চিন্তা বৃদ্ধি কৰিছে। (Coronavirus India Update)

আনহাতে স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি কোৰোণা পজিটিভৰ ৰেট পাৰ হৈ ৪ শতাংশ হৈছে। এই পৰিসংখ্যাই নিশ্চিতভাৱে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্য বিশেষজ্ঞসকলক। প্রশ্ন উঠিছে চতুর্থ ঢৌক লৈও।

দেশৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রালয়ৰ সাম্প্রতিক পৰিসংখ্যা অনুসৰি বিগত ২৪ঘণ্টাত দেশত নতুনকৈ পজিটিভ হৈছে ১২,৭৮১ জন। দেওবাৰে এই সংখ্যা আছিল প্রায় ১২,৯০০। একেদিনাই কোৰোণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে (Coronavirus) ১৮জনে। এই মুহূর্তত পজিটিভ ৰোগীৰ সংখ্যা ৭৬,৭০০। মাত্ৰ এটা দিন আগতে এই সংখ্যা আছিল ৭২ হাজাৰৰ পৰা সামান্য অধিক। (Coronavirus India Update)

দেশৰ কোভিড গ্রাফৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে যোৱা ২৪ঘণ্টাত মহামাৰীৰ (Covid-19) পৰা সুস্থা হৈছে ৮৫৩৭, এই সংখ্যা আক্ৰান্তৰ তুলনাত যথেষ্ট কম। সুস্থতাৰ হাৰ ৯৮.৬১ শতাংশ। মৃত্যু হৈছে মুঠ ৫,২৪,৮৭৩ জনৰ।


 

Post a Comment

0 Comments