কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি নেচনেল হেৰাল্ড গোচৰ (National Herald case) সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয়। তেওঁক এতিয়াও ইডি কাৰ্যালয়ত সোধা-পোছা কৰি থকা হৈছে। শ শ দলীয় কৰ্মীৰ দ্বাৰা পৰিবেষ্টিত কংগ্ৰেছ নেতাজনে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়লৈ ৰাওনা হৈছিল যদিও আৰক্ষীয়ে আইন-শৃংখলাৰ দোহাই দি বাধা দিয়াত তেওঁ গাড়ীৰে প্ৰৱৰ্তন সঞ্চালকৰ কাৰ্যালয়ত হাজিৰ হয়।
তেওঁৰ সৈতে তেওঁৰ ভগ্নী আৰু দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱদ্ৰাও (Priyanka Gandhi Vadra) আছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) অনুসন্ধানকাৰী দলৰ দ্বাৰা তিনি ঘণ্টা ধৰি সোধা-পোছাৰ সন্মুখীন হৈছে। সোমবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত তেওঁ লান্স ব্ৰেকৰ বাবে ওলাই পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হয়।
ৰাহুল গান্ধীয়ে সোমবাৰে ৰাতিপুৱা প্ৰায় ১১.৩০ বজাত EDৰ কাৰ্যালয়লৈ গৈছিল
আৰু কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে মতিলাল নেহৰু মাৰ্গৰ মাজেৰে যাত্ৰা কৰিছিল।
প্ৰৱৰ্তন
সঞ্চালকালয়ে (Enforcement Directorate) ৰাহুল গান্ধীক নেচনেল হেৰাল্ড
গোচৰত অবৈধ ধনৰ লেনদেনত জড়িত থকাৰ অভিযোগত ১ জুনত জাননী প্ৰেৰণ কৰি
সোধা-পোছাৰ বাবে ২ জুনত মাতি পঠিয়াইছিল। কিন্তু তেওঁ বিদেশত থকা বাবে ২৪
ঘণ্টীয়া জাননী মতে হাজিৰ হোৱাটো তেওঁৰ বাবে সম্ভৱ নহয় বুলি জনাইছিল।
EDয়ে
পিছত শুক্ৰবাৰে ৰাহুল গান্ধীলৈ এখন নতুন জাননী প্ৰেৰণ কৰি সোমবাৰে EDৰ
কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হয়। সেই জাননীৰ পিছত তেওঁ ইডিৰ কাৰ্যালয়লৈ
আহে।
0 Comments