কে কেৰ মৃত্যুৰ পিছত সংগীত জগতৰ বাবে আৰু এটা দুখৰ খবৰ, সন্তুৰবাদক ভজন চোপোৰীৰ মৃত্যু

 


চোপোৰী কাশ্মীৰ উপত্যকাৰ সোপোৰৰ বাসিন্দা আছিল, তেওঁৰ পৰিয়ালৰ ছটা প্ৰজন্ম সংগীতৰ সৈতে জড়িত। 

মনোৰঞ্জন জগতৰ পৰা ইগৰাকীৰ পিছত সিগৰাকী শিল্পীয়ে বিদায় লৈ আছে। কে কে মৃত্যুৰ পিছত ভাৰতীয় সংগীতজগতৰ বাবে আন এটা দুখৰ খবৰ। প্ৰখ্যাত সন্তুৰ বাদক ভজন চোপোৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। সংগীতজ্ঞগৰাকী গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। তেওঁৰ মৃত্যুৱে সমগ্ৰ সংগীত জগতত শোকৰ ছাঁ পেলাইছে (Saint of the Santoor Pandit Bhajan Sopori Death)

পণ্ডিত চোপোৰীৰ জন্ম ১৯৪৮ চনত শ্ৰীনগৰত হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম ভজন লাল চোপোৰী আৰু তেওঁৰ দেউতাক পণ্ডিত এছ এন চোপোৰীও এজন সন্তুৰ বাদক আছিল। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চুফিয়ানা ঘৰানাৰ আছিল।

চোপোৰী কাশ্মীৰ উপত্যকাৰ সোপোৰৰ বাসিন্দা আছিল। তেওঁৰ পৰিয়ালৰ ছটা প্ৰজন্ম সংগীতৰ সৈতে জড়িত। চোপোৰিৰ পুত্ৰ অভয় ৰুস্তম চোপোৰীও এজন সন্তৰ বাদক।

ইয়াৰ পূৰ্বে ১০ মে'ত ভাৰতৰ অন্যতম বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মুম্বাইৰ পালি হিলত থকা তেওঁৰ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। 

Post a Comment

0 Comments