জুন মাহত ১২ দিন বেংক বন্ধ! প্ৰয়োজনীয় কামবোৰ কৰি লওক সোনকালে


 জুন ২০২২ মাহত কেইবাদিনো বন্ধ থাকিব বেংক। বেংকত কাম থাকিলে সেয়া সোনকালে কৰি লওক।

সেয়ে প্ৰয়োজনীয় কামবোৰ সোনকালে কৰি পেলাওক। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ছুটীৰ তালিকা প্ৰকাশিত হয় Negotiable Instruments Act, Real Time Gross Settlement Holiday আৰু Banks Closing of Accountsৰ অন্তৰ্গত।

বেলেগ বেলেগ ৰাজ্যৰ বাবে ছুটী পৃথক পৃথক। ইয়াৰ উপৰি সপ্তাহৰ দ্বিতীয় আরু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকিব।

২ জুন : মহাৰাণা প্ৰতাপ জয়ন্তী, তেলেংগানা প্ৰতিষ্ঠা দিৱস। হিমাচল প্ৰদেশ, ৰাজস্থান, তেলেংগানা।

৩ জুন : শ্ৰী অৰ্জুন দেৱ তিৰোধান দিৱস উপলক্ষে পঞ্জাবত বন্ধ থাকিব বেংক। ৫ জুন দেওবাৰ ছুটীৰ দিন।

১১ জুন মাহৰ দ্বিতীয় শনিবাৰ অৰ্থাৎ বেংক বন্ধ। ১২ জুন দেওবাৰ। ১৪ জুন মঙলবাৰে পহিলি ৰজা, গুৰু কবীৰ জয়ন্তী, ফলত বেংক বন্ধ থাকিব মিজোৰাম, পঞ্জাব, ওড়িশা, চণ্ডীগড়, হাৰিয়ানাত বেংক বন্ধ থাকিব।

১৫ জুন : ৰাজা সংক্ৰান্তি, গুৰু গোবিন্দ সিংহৰ জন্মদিনসহ স্থানীয় ছুটিৰ দিন। ১৯ জুন দেওবাৰে বেংক বন্ধ, ২২ জুন ত্ৰিপুৰাত স্থানীয় বন্ধ।

২৫ জুন মাহৰ চতুৰ্থ শনিবাৰ, ফলত বেংক বন্ধ। ২৬ জুন দেওবাৰ। ৩০ জুন বুধবাৰে মিজোৰামত বেংক বন্ধ।

Post a Comment

0 Comments