সোণাৰিত Axis bankৰ দায়িত্বহীন কাণ্ড, মৃত ব্যক্তিৰ পত্নীক ডেথ ক্লেইমৰ নামত দুবছৰে হাৰাশাস্তি কৰাৰ অভিযোগ

 


ধন মোকলাই নিদিলে আইনী ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাত বেংক শাখাটোৰ পৰিচালকে ৫ দিনৰ ভিতৰত সমস্যাৰ সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত ব্যক্তিগত খণ্ডৰ  বিত্তীয় প্ৰতিষ্ঠান Axis bankৰ সোণাৰি শাখাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বেংকটোৰ প্ৰয়াত গ্ৰাহক এজনৰ পত্নীয়ে।

ঘটনাৰ বিবৰণি মতে, সোণাৰিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন গগৈৰ দুবছৰৰ পূৰ্বে মৃত্যু হয়। অতি দৰিদ্ৰ সন্তানহীন জীৱন গগৈৰ তথা পত্নীৰ ভবিষ্যতৰ কথা চিন্তা কৰি জীৱন গগৈ কৰ্মৰত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী তথা সোণাৰিৰ বিশিষ্ট সজামকৰ্মী,  চিকিৎসক ডা° পল্লৱ মহন্তই Axis bankৰ সোণাৰি শাখাত জীৱন গগৈৰ নামত কিছু ধন সাচি ৰখাৰ ব্যৱস্থা কৰিছিল কিন্তু জীৱন গগৈৰ মৃত্যুৰ পিছত ৰহস্যজনকভাবে জীৱন গগৈৰ পত্নীক জমা ধন মোকলাই দিবলৈ অমান্তি হৈ আৰু নানা অজুহাত দেখুৱায়।

অতি শেষতীয়াকৈ জীৱন গগৈৰ মৃত্যুৰ দুটা বছৰ অতিক্ৰম কৰাৰ পাছত উক্ত বেংক একাউণ্টৰ বিপৰীতে ক্ৰেডিট কাৰ্ড ইচ্ছু হৈ থকা বুলি পুনৰ ২০০০ টকা জমা কৰিবলৈ কয় বেংক কৰ্তৃপক্ষই। এই সমগ্ৰ ঘটনাৰ কথা গম পায় জীৱন গগৈ কৰ্মৰত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ড° পল্লৱ মহন্তই বেংক  শাখাটোৰ সৈতে যোগাযোগ কৰে আৰু শাখাটোৱে বিচৰাৰ ধৰণে প্ৰয়াত জীৱন গগৈয়ে জীৱিত অৱস্থাত কোনো কালে ব্যৱহাৰ নকৰা ক্ৰেডিট কাৰ্ডৰ বিনিময়ত ২০০০ টকাও আদায় কৰে কিন্তু ইমানৰ পাছতো ভুক্তভোগীয়ে সমস্যাৰ একো সমাধান নাপাই বুধবাৰে প্ৰয়াত জীৱন গগৈৰ পত্নী ৰিণী গগৈক লগত লৈ শাখাটোত উপস্থিত হৈ পৰিচালক তথা কৰ্মচাৰীসকলক অভিযোগ পুনৰ দাখিল কৰে আৰু অতি শীঘ্ৰে প্ৰয়াত জীৱন গগৈৰ ডেথ ক্লেইমৰ ধন পত্নীক মোকলাই নিদিলে আইনী ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাত বেংক শাখাটোৰ পৰিচালকে ৫ দিনৰ ভিতৰত সমস্যাৰ সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখযোগ্য যে, বিগত বহুদিনৰ পৰা বেংকটোৰ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীয়ে দৰিদ্ৰ আৰু মৃত ব্যক্তিৰ লগতে অধিক ধন ট্ৰেনজেকশ্যন কৰা গ্ৰাহকক আগতীয়াকৈ জাননী নিদিয়াকৈ তথা একাংশ গ্ৰাহকৰ অগোচৰে ক্ৰেডিট কাৰ্ডৰ দৰে জটিল আৰু ব্যয়বহুল বিত্তীয় প্ৰণালী সংযোগ কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে।

Post a Comment

0 Comments