হাইলাকান্দিত বানাক্ৰান্ত ৰাইজক খাদ্য বিতৰণ ৰামকৃষ্ণ মিছনৰ ...


 হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত প্ৰলয়ংকৰী বানৰ বাবে বন্যাৰ্তৰ দুখৰ অন্ত পৰা নাই ৷ বানাক্ৰান্ত ৰাইজে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণে থাকি অতি যন্ত্ৰণাকাতৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷

হাইলাকান্দি জিল‍া প্ৰশাসনে যোৱা ৬ দিনে মাত্ৰ এবাৰ বান সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ পাছত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে বিভিন্ন এলেকাৰ বানাক্ৰান্ত ৰাইজে ৷ চৰকাৰ প্ৰশাসনে এইসকল ৰাইজলৈ পিঠি দিয়াৰ বিপৰীতে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ খাদ্য সামগ্ৰী আৰু খোৱা পানী যোগান ধৰি মহানুভৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে হাইলাকান্দিৰ ৰামকৃষ্ণ সেৱা সমিতিৰ সদস্য সকলে ।

Post a Comment

0 Comments