ভাল থানালৈ বদলি লাগে, উৎকোচ দি হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ সহকাৰী উপ-পৰিদৰ্শক


 ভাল থানালৈ বদলি বিচাৰি ১০ হাজাৰ টকা উৎকোচ দিবলৈ গৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক। নগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আব্দুল মতলিব নামৰ সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদিৱ কুমবাঙক আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ১০ হাজাৰ টকা উৎকোছ দিবলৈ বিচাৰে। কিন্তু উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে লগে লগে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেক অৱগত কৰাত তেওঁ আব্দুল মতলিবক আটক কৰে।

ইতিমধ্যে আব্দুল মতলিবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে। এই সংক্ৰান্তত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আব্দুল মতলিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে।

Post a Comment

0 Comments