ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে থানাত পৰিল এজাহাৰ, ৩০ লাখ টকা প্ৰতাৰণাৰ অভিযোগ


 সম্পত্তিৰ পৰিমাণ ৮১৯ কোটি টকা। কিন্তু এই বৃহৎ সম্পত্তিৰ গৰাকী মাত্ৰ ৩০ লাখ টকাৰ বাবে সন্মুখীন আইনী ৰোষত। তেওঁ মহেন্দ্ৰ সিং ধোনীৰ বাহিৰে আন কোনো নহয়। অভিযোগকাৰী এছ কে এণ্টাৰপ্ৰাইজেছ নামৰ এটা কোম্পানীৰ চেক বাউন্স কৰাৰ বাবে বিহাৰৰ বেগুচৰাইত ধোনীকে ধৰি আঠজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে (FIR registered against MS Dhoni)।

ধোনী বিশ্বৰ দ্বিতীয় ধনী ক্ৰিকেটাৰ। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৮১৯ কোটি টকাতকৈও অধিক। তেওঁ ২০২১ চনতো ৭৪.৪৯ কোটি টকা উপাৰ্জন কৰিছিল। বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা তেওঁৰ বাৰ্ষিক উপাৰ্জন ৫০ কোটি টকাতকৈও অধিক। তেওঁৰ গেৰেজটো মূল্যৱান বাইক আৰু গাড়ীৰে সজোৱা হৈছে। তেওঁৰ বিৰুদ্ধে ৩০ লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে।

ভাৰতৰ প্ৰাক্তন অধিনায়কজনে (Mahendra Singh Dhoni) কৃষিত ব্যৱহৃত সাৰৰ বিজ্ঞাপনত কাম কৰি এই সমস্যাত লিপ্ত হৈছে। যদিও ঘটনাটোৰ সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক নাছিল, তেওঁ দুয়োটা কোম্পানীৰ মাজত ব্যৱসায়িক সংঘাতৰ বাবেও গোচৰটোত জড়িত হৈ পৰে।

অভিযোগ কৰা হৈছে যে নিউ গ্লোবেল প্ৰডাক্ট ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীয়ে এছ কে এণ্টাৰপ্ৰাইজেছক ৩০ লাখ টকাৰ চেক দিছিল। সেই চেক বাউন্স হয়। সংস্থাটোৱে তেতিয়া মুঠ আঠজন লোকৰ বিৰুদ্ধে বেগুচৰাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে, ধোনীৰ নাম আঠজনৰ ভিতৰত আছে।

এছ কে এণ্টাৰপ্ৰাইজেছে (SK Enterprises) আগতে নিউ গ্লোবেল প্ৰডাক্ট ইণ্ডিয়া লিমিটেডলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছিল। কিন্তু তেওঁলোকে উত্তৰ দিয়া নাছিল। তাৰ পিছত এছ কে এণ্টাৰপ্ৰাইজেছৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰা হৈছিল। ধোনীক তেওঁলোকে তৈয়াৰ কৰা সামগ্ৰীৰ বিজ্ঞাপন দিয়াৰ বাবে এজাহাৰত নাম দিয়া হৈছে। চিজেএম গোচৰৰ প্ৰথম শুনানি সোমবাৰে অনুষ্ঠিত হয়। পৰৱৰ্তী শুনানি ২৮ জুনত হ'ব।

Post a Comment

0 Comments