অগ্নিবীৰসকলৰ বাবে চৰকাৰে ঘোষণা কৰিলে কেইবাটাও সমৰ্থন ব্যৱস্থা


 অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হোৱাৰ মাজতে অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে কেইবাটাও সমৰ্থন ব্যৱস্থা। অগ্নিবীৰ প্ৰত্যাশীসকলৰ আশংকা দূৰ কৰাৰ লক্ষ্যৰে আৰু জেশৰ নিবনুৱাসকলক আশ্বস্ত কৰাৰ বাবে এইসমূহ ঘোষণা কৰিলে কেন্দ্ৰই। চৰকাৰে কৰা ঘোষণাসমূহ এইধৰণৰ-

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ক’ষ্ট গাৰ্ড আৰু প্ৰতিৰক্ষা পিএছইউ (Coast Guard and Defence PSUs)ত ১০ শতাংশ পদ অগ্নিবীৰ (Agniveer)ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত HAL, BEL, BEML, BDL, GRSE, GSL, HSL, MDL, Midhani, AVNL,AWEIL,MIL,YIL, GIL, IOL, TCL আদি প্ৰতিৰক্ষা পিএছইউত নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা কৰিব।

ৰথম বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ ২ বছৰ বয়সৰ উৰ্দ্ধসীমাত শিথিলতা।

অগ্নিবীৰৰ বাবে CAPF আৰু Assam Riflesত নিযুক্তিৰ বাবে ১০ শতাংশ খালী পদ সংৰক্ষণ কৰিব গৃহ মন্ত্ৰণালয়ে।

ৰাজ্য চৰকাৰে ৰাজ্যিক আৰক্ষী নিযুক্তিত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছে।

 

 

Post a Comment

0 Comments