ছোনিয়াৰ পিছত এইবাৰ কোভিডত আক্ৰান্ত প্ৰিয়ংকা গান্ধী, আছে আইছ’লেচনত


 মাতৃৰ পিছত এইবাৰ কন্যা! কোভিড–১৯ত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা। শুকুৰবাৰে প্ৰিয়ংকাই জনায়, তেওঁৰ মাতৃ তথা দলৰ প্ৰধান ছোনিয়া গান্ধীৰ সংক্ৰমণৰ এদিন পিছতে কোভিড–১৯ পজিটিভ হৈছে প্ৰিয়ংকাও। ‘‘মোৰ সাধাৰণ উপসৰ্গ আছে আৰু কোভিড–১৯ পজিটিভ। সকলো নীতি–নিতম অনুসৰণ কৰি নিজৰ ঘৰতে কোৱাৰেণ্টাইনত আছো। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰাৰ বাবে অনুৰোধ জনাইছো’’, টুইট কৰিছে প্ৰিয়ংকাই।

বৃহস্পতিবাৰে কোৰোণা আক্ৰান্তহয় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী। কোভিড–১৯ পজিটিভ হোৱাৰ পিছত নিজকে আনৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে ছোনিয়াই। প্ৰবীণ কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই জনায়, বুধবাৰে সন্ধিয়া ছোনিয়া গান্ধীৰ সাধাৰণ জ্বৰ আৰু আন কোভিড লক্ষণে দেখা দিয়ে।

কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই ছোনিয়া গান্ধীৰ কোভিড পৰীক্ষাৰ ফলাফল সম্পৰ্কে সাংবাদিকক জনায় বৃহস্পতিবাৰে। তেওঁ জনায়, বৰ্তমান আইছ’লেচনত আছে ছোনিয়া গান্ধী। সামান্য জ্বৰো আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছোনিয়া গান্ধীৰ আশু আৰোগ্য কামনা কৰি টুইটবাৰ্তাত লিখিছে, ‘‘কংগ্ৰেছ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধীৰ কোভিড–১৯ৰ পৰা দ্ৰুত আৰোগ্য কামনা কৰিছো।’’

 

Post a Comment

0 Comments