শান্তিৰ বিটিচিত অশান্তি! জনসাধাৰণৰ নিৰাপত্তাৰ দাবীত এবছুৱে চিৰাঙত উলিয়ালে প্ৰতিবাদী সমদল


 শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি সঘনাই দাবী কৰি থকা বিটিচিৰ চিৰাঙত এবছুৱে প্ৰতিবাদ কৰিলে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে। জিলাখনত ধাৰাবাহিকভাৱে সংঘটিত ডকাইতি আৰু ধনলুটৰ বিৰুদ্ধে এবছুৰ উদ্যোগত প্ৰতিবাদী সমদল উলিয়ায় আজি ৷

কাশিকোত্ৰা আঞ্চলিক এবছুৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ প্ৰতিবাদকাৰীসকলে 'ধন দাবী - ডকাইতি বন্ধ কৰক ' , 'ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক’ , ' আমাক লাগে শান্তি’ আদি শ্লোগানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (A‍BSU protested at Chirang demand for safety of the people)৷

প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ উপৰি আছু , আক্ৰাছু , চাওতাল ছাত্ৰ সন্থা , বেংগলী ফেডাৰেচন আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ৷

উল্লেখ্য যে যোৱা শনিবাৰে কাশিকোত্ৰাৰ এজন ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি লক্ষাধিক টকা লুট কৰি নিয়ে ৷ ইয়াৰ পূৰ্বেও জিলা আমটেকা , মালিভিটা আদি স্থানত ধন লুট আৰু গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷  এনেক্ষেত্ৰত দল-সংগঠনসমূহে ৰাইজৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনাই ৰাজপথলৈ ওলাই আহে ৷

Post a Comment

0 Comments