শিৱসাগৰত ৮০ বস্তা লালিগুড় জব্দ, ব্যৱসায়ী ভোলা চাহুৱে মজুত কৰি ৰাখিছিল আলুৰ গুদামত


 প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰি শিৱসাগৰত লালিগুড় সৰবৰাহ নিষিদ্ধ কৰি থোৱাৰ সময়তে আজি শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ লালিগুড়সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু এজনক আটক কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  জব্দ কৰে ৮০টা বস্তাত ভৰাই অনা ২০ কুইন্টলৰো অধিক লালিগুড়।

AS 04 BC 7415 নম্বৰৰ মহিন্দ্ৰা পিককাপ গাড়ীত নিষিদ্ধ লালিগুড় ৮০ বেগ কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰে শিৱসাগৰ আৰক্ষীয়ে।

শিৱসাগৰ নগৰৰ ব্যৱসায়ী ভোলা চাহু নামৰ  এজন লোকে লালিগুড়সমূহ  বাইপাছৰ পৰমেশ্বৰ ঝা  নামৰ  এজন ব্যৱসায়ীৰ বৃহৎ আলু গুদামত মজুত কৰিছিল ।

দুদিন পূৰ্বে এখন দহ চকাৰ ট্ৰাকে এইসমূহ লালিগুড় ভোলা চাহুৰ  নিৰ্দেশত পৰমেশ্বৰৰ গুদামত মজুত কৰিছিল (80 sacks of laligur seized in Sivasagar)।

Post a Comment

0 Comments