মিজোৰামত বৃদ্ধি আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰকোপ, প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু, দেওবাৰৰ দিনটোত ৩৯

 


মিজোৰামত ভয়ানক ৰূপ আফ্ৰিকান ছোৱাইন ফ্লুৰ। এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যখনত এই ভাইৰাছ-বাহিত ৰোগৰ খবৰ পোৱা গৈছে। প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে। ৰাজ্যিক পশুপালন বিভাগৰ তথ্য মতে, ৪,৮৪৮টা গাহৰিৰ মৃত্যু হৈছে (4,848 pigs have died in Mizoram)। ইয়াৰ উপৰি কালি দেওবাৰৰ দিনটোত ৩৯টা গাহৰিৰ মৃত্যু হৈছিল। প্ৰায় ৪০৭৭ টা গাহৰি মাৰি পেলোৱা হৈছে।


জানিবলৈ পোৱা মতে, এই সংক্ৰামক ৰোগ (African Swine Fever) ইতিমধ্যে ৰাজ্যখনৰ ১১খন জিলাৰ ৬৮খন গাঁওলৈ বিয়পি পৰিছে। ৰাজ্যখনৰ পশুপালন বিভাগৰ এজন চিকিৎসক ডাঃ কে বিচুৱাই কয় যে ইয়াক ইতিমধ্যে ৰাজ্যখনত দুৰ্যোগ বুলি ঘোষণা কৰা হৈছে। তেওঁ লগতে গাহৰি হেৰুওৱা পালকসকলক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ কথাও কয়।

Post a Comment

0 Comments