২৩সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰ'য়িং চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ ১৬ গৰাকী খেলুৱৈয়ে

 


শিৱসাগৰ তথা অসমবাসীৰ বাবে সুখবৰ। অহা ২০ জুনৰ পৰা ২৬ জুনলৈকে জম্মু কাশ্মীৰৰ দাল হ্ৰদত অনুষ্ঠিত হ’বলগীয়া ২৩সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰ'য়িং চেম্পিয়নশ্বিপত শিৱসাগৰৰ ১৬ গৰাকী খেলুৱৈয়ে অসম দলৰ হৈ অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অসমৰ হৈ মুঠ ৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত ১৬ গৰাকীয়ে শিৱসাগৰৰ। এক সংবাদমেলযোগে এই কথা সদৰি কৰিছে শিৱসাগৰ জিলা ব'টিং আৰু ৰয়িং সন্থাই।

সন্থাই সদৰি কৰা অনুসৰি, ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰ'য়িং চেম্পিয়নশ্বিপত অংশগ্ৰহণ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ প্ৰদীপ দাস, মণজিৎ মহন্ত, দিব্যাংশু হাজৰিকা, অয়ান খান,‌ প্ৰতুষ শৰ্মা, কুনাল ময়ূৰ কাশ্যপ, কুন্দন বৰগোহাঁই, প্ৰজ্ঞান লাহন, অংশুমান দত্ত, নৱাব আজৰফ আলী, অকাব্ৰত বৰগোহাঁই, আয়ুশ্ৰী গায়ন, কৃষ্টিনা কোঁৱৰ, ইপ্সিতা চৌধুৰী, ৰাজশ্ৰী দত্ত, অভিলাষা বাৰাট। এই আটাই কেইগৰাকী খেলুৱৈক বিগত সময়ছোৱাত শিৱসাগৰ জিলা ব'টিং আৰু ৰয়িং সন্থাই প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিছে।

বৰ্তমান গুৱাহাটীত পূৰ্ণ অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈকেইগৰাকীয়ে। সংবাদমেলত সদৰি কৰিলে ধনঞ্জয় শইকীয়াই। সংবাদমেলত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰঠাকুৰ,  সমাজকৰ্মী শৰৎ হাজৰিকা, আটাছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Post a Comment

0 Comments