জীয়াই থাকিবলৈ মাত্ৰ ৫বিধ খাদ্যহে খাব পাৰে এইগৰাকী মহিলাই, ওজন হৈ পৰিছিল ৩৬ কিলোগ্ৰাম!


বিভিন্ন সুস্বাদু খাদ্য খাবলৈ সকলোৱে ভাল পায়। কিছুমানে যদি ইণ্ডিয়ান ভাল পায় কিছুমানে আকৌ ছাউথ ইণ্ডিয়ান। কিছুমানে আকৌ পছন্দ কৰে চাইনীজ বা থাই ফুড। কিন্তু আপুনি কল্পনা কৰিব পাৰেনে যে ইমানবোৰ খাদ্যৰ ভিতৰত যদি আপুনি নিৰ্বাচিত কেইবিধমান খাদ্যহে যদি খাবলৈ পায় তেন্তে কি হ’ব? এয়া ভাবিবই নোৱাৰি! কিন্তু আজি এনে এগৰাকী মহিলাৰ বিষয়ে ক’বলৈ লৈছো, যিগৰাকী মহিলাই পৃথিৱীত যিমানবোৰ খাদ্য আছে, তাৰ ভিতৰত কেৱল ৫বিধ খাদ্যহে খাব পাৰে। অবিশ্বাস্য যদিও এয়া সঁচা। কিন্তু কিয় এই মহিলাগৰাকীয়ে কেৱল ৫বিধ খাদ্যহে খাব পাৰে?

আমেৰিকাৰ অলবামাৰ বাসিন্দা সামাৰ কেৰল নামৰ মহিলাগৰাকীৰ বয়স ৩৩ বছৰ। আচলতে, ৫বিধ জৈৱিক খাদ্যৰ বাদে আন খাদ্য খালে এলাৰ্জী হয় মহিলাগৰাকীৰ। এই নিৰ্দিষ্ট ৫বিধ খাদ্যৰ বাদে আন খাদ্য খোৱাৰ চেষ্টা কৰিলে অৱস্থা বেয়া হৈ পৰে মহিলাগৰাকীৰ।

সাধাৰণ এলাৰ্জীৰ পৰা আৰম্ভ কৰি এনাফিলেক্সিছ এলাৰ্জীলৈ পৰ্যবসিত হয় যি প্ৰাণনাশক হ’ব পাৰে। বিশেষজ্ঞৰ মতে এনাফিলেক্সিছ এলাৰ্জীৰ শীঘ্ৰে চিকিৎসা কৰোৱা প্ৰয়োজন, অন্যথা গম্ভীৰ ৰূপ ল’ব পাৰে।

সামাৰ কেৰলে এক সাক্ষাৎকাৰত কয়, গৰমত মোৰ এই সমস্যা আৰম্ভ হৈছিল। মই লাহে লাহে অৰ্গেনিক ফুডো খাব নোৱাৰা হ’লো। যদি মই এই খাদ্য খাওঁ মোৰ গেষ্ট্রোইণ্টেষ্টাইনলৰ সমস্যা, ফুলি উঠা, মূৰ ঘূৰণি, প্ৰেইন ফগ, হৃদস্পন্দন বৃদ্ধি পোৱা, বমি হোৱা আদি সমস্যা হ’বলৈ লৈছিল। লগতে আন বিভিন্ন সমস্যাৰ বাবে শৰীৰ পুষ্টিহীনতাত ভুগিছিল আৰু ওজন কেৱল ৩৬ কিলোগ্ৰাম হৈছিলগৈ। শৰীৰত ইমান বিষ হৈছিল যে খুব কষ্টৰে ১ ঘণ্টামান শুব পাৰিছিলো। চিকিৎসকে কৈছিল যে মোৰ জীৱন আৰু কেইটামান মাহহে আছে।

মহিলাগৰাকীয়ে কৈছিল, মই সেই সকলো খাদ্য খোৱা বন্ধ কৰি দিছিলো যিবোৰ খালে মোৰ এলাৰ্জী হৈছিল। ফলত কিছু সকাহ পাইছো। মই ৫বিঘ এনেকুৱা খাদ্য পাইছো, যিকেইবিধ খালে মোৰ এলাৰ্জী নহয়। এই বস্তুকেইটা হৈছে ব্লেক বিন, ফ্ৰ’জেন পালেং, ফ্ৰ’জেন ব্লুবেৰী, ৰোল্ড অ’টছ আৰু চিকেন। কিন্তু এয়াও নিৰ্দিষ্ট ব্ৰেণ্ডৰ হ’ব লাগিব। মহিলাগৰাকীয়ে কয়, মই গৰমত যাত্ৰা কৰিব নোৱাৰো, মলৰ দৰে ভিৰ থকা স্থানত যাব নোৱাৰো বা বন্ধুবৰ্গৰ সৈতে বাহিৰলৈ খাবলৈ যাব নোৱাৰো।

Post a Comment

0 Comments