'সকলোতে এটা লিমিট থাকে!' বিজেপিত কিয় বাঢ়িছে বিসম্বাদ? কাৰণ স্পষ্টকৈ ক'লে প্ৰাক্তন বিধায়ক শিলাদিত্য দেবে...

 


হোজাইত  উত্তৰ বিদ্যানগৰ গাঁৱত যোৱা নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডত পবিন্দ্ৰ বিশ্বাস আৰু ৰাজেন্দ্ৰ যাদৱৰ বাসগৃহ দুটা জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জুইত জাহ যায় পৰিয়াল দুটাৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি।

ইপিনে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ সময়ত ৰন্ধন গেছৰ চাৰিটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুই নুমৱাবলৈ অহা ৰাইজ আতংকিত হৈ পৰে।অৱশ্যে পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীয়ে জুই নিৰ্বাপিত কৰে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে।

আনহাতে আজি বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেবে। লগতে ক্ষতিগ্ৰস্ত পৰিয়াল দুটাৰ পৰিস্থিতিৰ বুজ লয়  শিলাদিত্যই। ইয়াৰ পিছত  NEWS 18ত শিলাদিত্য দেবে কমল কুমাৰ মেধিৰ আপত যোগদান সন্দৰ্ভত প্ৰকাশ কৰে  প্ৰতিক্ৰিয়া।

শেহতীয়াকৈ কমল কুমাৰ মেধিয়ে আপত যোগদান কৰাত তেওঁ কয় যে, আপ  কিমান শক্তিশালী হ'ব কব নোৱাৰো। কিন্তু কমল কুমাৰে  নিজক শক্তিশালী  কৰাৰ বাবে যিধৰণে চেষ্টা কৰি আছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে  শিলাদিত্যই।

ইফালে  সদ্য দলত্যাগী নেতা শশাংক ডেকা সন্দৰ্ভতো  প্ৰতিক্ৰিয়া প্ৰকাশ  কৰি শিলাদিত্যই কয় যে, মনৰ কামনা পূৰণ নহ'লে মনত দুখ হয়। এই দুখ ক্ষন্তেকীয়া হয়, তেওঁ বুজি পাব কিয়নো তেওঁ এগৰাকী নিষ্ঠাবান কৰ্মী।তেওঁ ভুল পদক্ষেপ নলয় বুলিও মন্তব্য কৰে শিলাদিত্যই।

Post a Comment

0 Comments