চৰাইদেউ জিলাত স্বাস্থ্য বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন


 আজি "ৰাষ্ট্ৰীয় ডেংগু দিৱস"। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো "ৰাষ্ট্ৰীয় ডেংগু দিৱস" উৎযাপন কৰা হয়। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ সোণালী চেতিয়াৰ সভাপতিত্ব চিকিৎসালয় প্ৰাংগণত এখন সজাগতা সভা অনুস্থিত কৰা হয়।

মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি আৰু আক্ৰান্ত হ’লে কিদৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে চিকিৎসা গ্ৰহণ কৰিব পাৰি আদি দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপস্থিত চিকিৎসক, চিকিৎসাকৰ্মী সকলে বক্তব্য আগবঢ়ায়। এই সজাগতা সভাত জ্যেষ্ঠ চিকিৎসক ডাঃ ৰেহান শ্বেখ, ডাঃ চন্দন বৰবৰা, বাহক জনিত ৰোগৰ জিলা পৰামৰ্শ বিষয়া ডেইজী কোঁৱৰ, চিকিৎসালয়খনৰ পৰিচাৰিকা, স্বাস্থ্য কৰ্মী,আশা কৰ্মী সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে।

Post a Comment

0 Comments