ভাগ্যৱানসকলেহে পাব Kiaৰ এই ইলেকট্ৰিক গাড়ী! ২৬ মে’ৰ পৰা আৰম্ভ বুকিং

 


বৰ্তমান দেশৰ উন্নত মানৰ গাড়ী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম Kia। ২০১৯ চনত মধ্যম আকাৰৰ SUV Kia Seltos লৈ ভাৰতৰ গাড়ীৰ বজাৰত প্ৰৱেশ কৰিছিল এই প্ৰতিষ্ঠানটোৱে। প্ৰথমৰে পৰা Kiaৰ গাড়ীৰ চাহিদা আছিল তুংগত। বিগত তিনি বছৰ ধৰি ধাৰাবাহিকভাৱে সফলতাৰ পিছত এইবাৰ বৈদ্যুতিক বাহনৰ জগতত প্ৰৱেশ কৰিছে কিয়াই

Kia Indiaই শীঘ্ৰে ভাৰতত তেওঁলোকৰ প্ৰথম বৈদ্যুতিক বাহন Kia EV6 মুকলিৰ কথা ঘোষণা কৰিছে। কিয়া ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট আৰু হেড অব ছেলছ এণ্ড মাৰ্কেটিং হৰদীপ সিং ব্ৰাৰে জনাইছে যে তেওঁলোকে গ্ৰাহকৰ বাবে আটাইতকৈ উন্নতমানৰ গাড়ী লৈ আহিব। তেওঁ জনায় যে EV6ৰে ভাৰতত বৈদ্যুতিক গাড়ীৰ জগতত প্ৰৱেশ কৰিব এই আন্তৰ্জাতিক প্ৰতিষ্ঠানটোৱে।

ইউৰোপিয়ান কাৰ অব দ্য ইয়েৰ জিকাৰ পিছত EV6ক Kiaৰ নতুন EV প্লেটফৰ্ম, E-GMPত তৈয়াৰ কৰা হৈছে। EV6ৰ লগতে Kia Indiaই গ্ৰাহকৰ বাবে এটা প্ৰিমিয়াম মবিলিটি ছলিউছন হিচাপে আনিব বিচাৰিছে।

প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জনোৱা হৈছে যে Kia EV6ৰ মাত্ৰ ১০০খন গাড়ী ভাৰতত বিক্ৰী হ’ব আৰু ইয়াৰ বুকিং আৰম্ভ হ’ব ২৬ মে’, ২০২২ৰ পৰা। চলিত বছৰৰ জুলাই বা আগষ্টত বজাৰলৈ আহিব Kia EV6। ইয়াৰ দাম ৫৫ৰ পৰা ৬০ লাখ টকাৰ ভিতৰত হ’ব পাৰে।

Kia EV6 বৈদ্যুতিক কমপেক্ট ক্ৰছঅভাৰ SUV। কিয়াৰ প্ৰথম বৈদ্যুতিক গাড়ীখন ২০২১ চনৰ মাৰ্চত বিশ্বৰ বজাৰলৈ অনা হৈছিল।

Kia EV6ত পেনোৰামিক কাৰ্ভড ডিছপ্লে পেনেল আছে। EV6ৰ বুট স্পেচ হ’ল ৫২০ লিটাৰ (VDA ষ্টেণ্ডাৰ্ড) আৰু পিছফালৰ আসন ঘূৰাই দিলে ১৩০০ লিটাৰ পৰ্যন্ত বঢ়াব পাৰি। ইয়াত অগমেণ্টেড ৰিয়েলিটি হেড আপ ডিছপ্লে, ৩৬০ ডিগ্ৰী কেমেৰা, ৰিমোট কন্ট্ৰোল পাৰ্কিঙৰ লগতে লেন ফলো এছিষ্ট, হাইৱে’ ড্ৰাইভিং এছিষ্টসহ নিৰাপত্তা বৈশিষ্ট্যসমূহৰ ওপৰত জোৰ দিয়া হৈছে।

 

Post a Comment

0 Comments