কোন অসমীয়া যুৱতীয়ে চুৰি কৰিলে বহুযুৱতীৰ হৃদয়ৰ স্পন্দন জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ তুষাৰ কালিয়াৰ হৃদয়?

 


তুষাৰ কালিয়াই বিয়া পাতিবলৈ সাজু হৈছে।জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰজনে অলপতে তেওঁৰ প্ৰেমীকা ত্ৰিবেণী বৰ্মনক আঙুঠি পিন্ধায়। ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল।২৮বছৰীয়া ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল।

তুষাৰ কালিয়াই এই বছৰৰ আৰম্ভণিতে ত্ৰিবেণী বৰ্মনৰ সৈতে তেওঁৰ সম্পৰ্ক আনুষ্ঠানিক কৰি তুলিছিল। দেওবাৰে, ১৫ মে'ত, কোৰিঅ'গ্ৰাফাৰে ঘোষণা কৰে যে তেওঁ ত্ৰিবেণী বৰ্মনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ কৰিছে।তুষাৰে  তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ত্ৰিবেণীৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে।  

আনহাতে, তুষাৰ আৰু ত্ৰিবেণীক বগা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠিছে। আৰু সেই ফটো তুষাৰে তেওঁৰ  ইনষ্টাগ্ৰামত একাউন্টত পুনৰ শ্বেয়াৰ কৰিছে।

তুষাৰ কালিয়াই 'এ দিল হে মুস্কিল', 'অ'কে জানু' আৰু 'হাফ গাৰ্লফ্ৰেণ্ড'ৰ দৰে কেইবাখনো চলচ্চিত্ৰৰ বাবে গান পৰিচালনা কৰিছে। তুষাৰে দুটা চিজনৰ বাবে 'ঝলক দিখলা যাত' কোৰিঅ'গ্ৰাফাৰ হিচাপে অংশগ্ৰহণ কৰিছে। তেওঁ 'ইণ্ডিয়াজ গট টেলেণ্ট' আৰু 'ডান্স দিৱানে' ৩ ৰ দৰে অনুষ্ঠানৰ বিচাৰ কৰিছে। তুষাৰক পৰৱৰ্তী সময়ত খতৰো কে খিলাড়ীৰ আগন্তুক চিজনত দেখা পাব দৰ্শকে। ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত শ্ব', কে 12-ৰ দৃশ্যগ্ৰহণ এই মাহত আৰম্ভ হ'ব।তুষাৰৰ এই সিদ্ধান্তক লৈ সকলো উৎফুল্লিত।এতিয়া তুষাৰ-ত্ৰিবেণীক সকলোৱে অভিনন্দন জনাইছে।

Post a Comment

0 Comments