২০২৩ত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা! অহা বছৰৰ পৰা কলেজত নাথাকে উচ্চতৰ মাধ্যমিক শাখা

 


ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকে উচ্চতৰ মাধ্যমিক শাখা। চৰকাৰে ইতিমধ্যে ৫৬খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। মুকলি কৰা হ’ব এনে ৭০খন মডেল স্কুল। জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন, ডন বস্ক’ আদিক একাদশ, দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ চৰকাৰৰ।

২০২৩ চনলৈ একত্ৰিত হ’ব SEBA আৰু AHSEC। ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াই।

Post a Comment

0 Comments