প্ৰতিদিনে আম নাখাব! দৈনিক আম খালে শৰীৰত কি বেয়া প্ৰভাৱ পৰিব পাৰে জানি লওক


 আম সকলোৰে প্ৰিয় ফল। আৰু গৰমৰ দিন মানেই আমৰ সোৱাদ লোৱাৰ দিন।

আনকি চিকিৎসকসকলেও ডায়েবেটিক ৰোগীসকলকো বতৰৰ ফল হিচাপে আম খাবলৈ বাধা নিদিয়ে। কিন্তু ইয়াৰো সীমা থকা উচিত।

বিশেষজ্ঞসকলৰ মতে, দৈনিক আম খালে শৰীৰত কুপ্ৰভাৱ পৰে। আচলতে, শৰীৰ এটা যন্ত্ৰ। কোনো বস্তুৱে শৰীৰত অতিৰিক্ত ভাল নহয়। দৈনিক আম খালে শৰীৰে ভিটামিন চি বেছি পৰিমাণে পায়, যাৰ প্ৰয়োজনীয়তা নাই।

আমত প্ৰচূৰ পৰিমাণে পটাচিয়াম আৰু ভিটামিন চি থাকে। এই ফলৰ গুণ প্ৰচূৰ। ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ ক্ষেত্ৰতো অতি উপকাৰী। এটা আমত থাকে ১২২ মিলিগ্ৰাম ভিটামিন চি। কিন্তু এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ভিটামিন চি প্ৰয়োজন ৯০ মিলিগ্ৰাম।

প্ৰতিদিনে প্ৰয়োজনৰ অধিক ভিটামিন চি খালে ডায়েৰীয়া, বমি, অম্বল, লিভাৰ–হাৰ্টৰ দুৰ্বলতা, আনকি কিডনী ষ্টোনৰ দৰে জটিল সমস্যা হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। আম মিঠা ফল বাবে শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণো বাঢ়ে। ফলত দৈনিক নাখাই মাজে সময়ে আম খাব লাগে।

আমত ১ গ্ৰাম ফেট, ২৭৭ গ্ৰাম পটাচিয়াম আৰু ২.৬ গ্ৰাম ফাইবাৰ থাকে। এইবোৰো শৰীৰৰ বাবে প্ৰয়োজনীয়। আমে শৰীৰত আইৰন শোষণৰ ক্ষমতাও বৃদ্ধি কৰে।

 

Post a Comment

0 Comments