শুভমন গিলে Elon Muskক কিনিবলৈ ক'লে Swiggy, তাৰ পিছত ছচিয়েল মিডিয়াত কি গতি হ'ল ক্ৰিকেট তাৰকাজনৰ


 ইলন মাস্কে (Elon Musk) ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছে। ২৫ এপ্ৰিলত টুইটাৰ কিনি বিশ্ববাসীক চমকিত কৰি তুলিছিল ইলনে। তাৰ পিছৰ পৰাই বহুতেই ইলন মাস্কক আন কোম্পানী কিছুমান ক্ৰয় কৰিবলৈ পৰামৰ্শ দি আছে। ভাৰতীয় ক্ৰিকেট দলৰ যুৱ খেলুৱৈ শুভমান গিল (Subhman Gill)ৰ নামো এই তালিকাত যোগ হৈছে।

শুভমান গিলে এটা টুইটত লিখিছিল, "ইলন মাস্ক, অনুগ্ৰহ কৰি সোনকালে ছুইগি (Swiggy) কিনি লওক। যাতে ই সময়মতে ডেলিভাৰী কৰিব পাৰে।" গিলে তেওঁৰ টুইটত এলন মাস্কক টেগ কৰিছিল। মাস্কে ইয়াৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। কিন্তু অনুৰাগীসকলে শুভমনক ভালকৈ ক্লাছ লৈছে।

Post a Comment

0 Comments