IPL 2022: ছন্দ উভতাই পালে MIৰ বলাৰ যশপ্ৰীত বুমৰাহে, আই পি এলত প্ৰথমবাৰৰ বাবে ৫ টা উইকেট দখল কৰে ...


 ভাৰতীয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহক সোমবাৰে তেওঁৰ ছন্দত উভতি অহা দেখা গৈছে। মুম্বাই ইণ্ডিয়ানছৰ দ্ৰুত বলাৰজনে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আই পি এল-২০২২ খেলখনত ভাল প্ৰদৰ্শন কৰিছে আৰু ৫ টা উইকেট দখল কৰিছে।

বুমৰাহে এই ছিজনত প্ৰথমবাৰৰ বাবে এনেকুৱা ৰূপত ধৰা দিছে। তেওঁ এটা অভাৰ বল কৰিছিল তাৰ পিছত ট্ৰিপল উইকেট মেডেন অৰ্থাৎ কোনো ৰাণ নিদিয়াকৈ ৩ টা উইকেট লৈছিল। কলকাতা নাইট ৰাইডাৰ্ছে এটা সময়ত শক্তিশালী স্থিতিত দেখা গৈছিল কিন্তু ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৬৫ ৰাণহে সংগ্ৰহ কৰিব পাৰিছিল।

যশপ্ৰীত বুমৰাহে প্ৰথমবাৰৰ বাবে আই পি এলত পাঁচটা উইকেট লোৱাৰ কৃতিত্ব অৰ্জন কৰিছে। বিশেষ কথাটো হ'ল যে তেওঁ কোনো ৰাণ নিদিয়াকৈ এটা অভাৰত তিনিটা উইকেট লৈছিল। তেওঁৰ এই উৎকৃষ্ট বলিঙৰ বাবে কলকাতা দলটোৱে ৯ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইটো আই পি এলত যশপ্ৰীত বুমৰাহৰ তৃতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন।

Post a Comment

0 Comments