২৮ দিন পিছত ভাৰতত ২ হাজাৰৰ তলত নামিল কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১৫৬৯জন


 ভাৰতত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ১৫৬৯জন লোক। এই সংখ্যাকে ধৰি দেশত কোৰোণাত আক্ৰান্তৰ মুঠ সংখ্যা বৃদ্ধি পালে ৪,৩১,২৫,৩৭০জনলৈ। ২৮ দিন পিছত ভাৰতত ২ হাজাৰৰ তললৈ নামিল আক্ৰান্তৰ সংখ্যা। আনহাতে, বৰ্তমান আক্ৰান্তৰ মুঠ সংখ্যা ১৬,৪০০জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা আজি পুৱা জাৰি কৰা তথ্য অনুসৰি, ভাৰতত কোৰোণাৰ সংক্ৰমণৰ ফলত বিগত ২৪ ঘণ্টাত ১৯জন লোকৰ মৃত্যু হৈছে। এই সংখ্যাকে ধৰি দেশত ৫,২৪,২৬০জন লোকৰ মৃত্যু হৈছে কোভিডত। আনহাতে, দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৬,৪০০লৈ হ্ৰাস পাইছে।

মন্ত্ৰণালয়ৰ মতে, বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৯১৭জন হ্ৰাস পাইছে। আনহাতে, সুস্থতাৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭৫ শতাংশ। সংক্ৰমণৰ দৈনিক হাৰ ০.৪৪ শতাংশ আৰু সাপ্তাহিক হাৰ ০.৫৯ শতাংশ। দেশত এতিয়ালৈ মুঠ ৪,২৫,৮৭,৭১০জন লোক কোৰোণামুক্ত হৈছে। আনহাতে, মৃত্যুৰ হাৰ ১.২

Post a Comment

0 Comments