'বড়ো সমাজৰ লগত মোৰ আছে পুৰণি সম্পৰ্ক'- ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি সভাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

 


উদুলি মুদুলি তামুলপুৰ। তামুলপুৰৰ গৌজল ফৌথাৰত উচাহৰ ঢল। ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি সভাত উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, পত্নী ছবিতা কোবিন্দ, ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ উত্তৰ পূৱৰ তিনিগৰাকী মুখ্যমন্ত্ৰী।

দেশৰ প্ৰথমগৰাকী নাগৰিক উপস্থিত থকা সভাখনত অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ লগতে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে অসমৰ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ কনৰাড ছাংমা, ছিকিমৰ প্ৰেমছিং টামাঙৰ উপস্থিতি থাকে।

সভাত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে, 'মই আয়োজকক ধন্যবাদ জনাইছো। এই বড়ো সাহিত্য সভাৰ প্ৰতি ৰাইজৰ যথেষ্ট আদৰ আছে। বড়ো সাহিত্য সভালৈ বিদেশ ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, নেপাল আৰু অন্য ৰাজ্যৰ অতিথি আহাটো যথেষ্ট গুৰুত্বপূৰ্ণ। বড়ো সমাজৰ লগত মোৰ পুৰণি সম্পৰ্ক আছে। ৰাজ্যসভাৰ সাংসদ থাকোতে ইউজি ব্ৰহ্ম আৰু প্ৰাক্তন লোকসভা সাংসদ ছানচুমা খুংগুৰ বিসুমতাৰীক লগ পাইছিলো। বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক শলাগ লও। বড়ো সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি জয়ভদ্ৰ হাগজেৰ, সম্পাদক সোনাৰাম থাউছেনক মই স্মৰণ কৰো।'

Post a Comment

0 Comments