মাত্ৰ এসপ্তাহ ছচিয়েল মিডিয়া বাদ দিব পাৰিবনে? শৰীৰ–মনৰ পৰিৱৰ্তনত আচৰিত হ’ব!

 


বৰ্তমান বিশ্বৰ মানুহ শাৰীৰিক সমস্যাৰ দৰেই মানসিক সমস্যাও এক ডাঙৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশ্বৰ কেইবাকোটি মানুহ হতাশা, উদ্বেগ আৰু খিংখিঙিয়া স্বভাৱৰ সমস্যাত জৰ্জৰিত। 

বিশ্বৰ মানুহৰ বাঢ়িছে মনৰ অসুখ। লগতে বাঢ়িছে অসহিষ্ণুতা। আৰু এই অসুখৰ কোনো বয়স নাই। বহুতেই ভাবে, পৃথিৱীখনেই এনেকুৱা বেয়া হৈ গৈছে। গৱেষণাই কিন্তু কৈছে আন কথা। এই দোষ ছচিয়েল মিডিয়াৰ। ইউনিভাৰ্ছিটী অব বাথৰ এক গৱেষণাত দাবী কৰা হৈছে, কোনো ব্যক্তিয়ে যদি বিষণ্ণতা আৰু উদ্বেগৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে অন্তত এটা সপ্তাহ ছচিয়েল মিডিয়াৰ পৰা দূৰত থাকিব লাগিব।

মানসিক স্বাস্থ্যৰ ওপৰত ছচিয়েল মিডিয়াৰ প্ৰভাৱ : বৰ্তমান বিশ্বৰ মানুহ শাৰীৰিক সমস্যাৰ দৰেই মানসিক সমস্যাও এক ডাঙৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশ্বৰ কেইবাকোটি মানুহ হতাশা, উদ্বেগ আৰু খিংখিঙিয়া স্বভাৱৰ সমস্যাত জৰ্জৰিত। সমীক্ষাই কৈছে, বিগত কেইবাবছৰ ধৰি এই সমস্যা কেইবাগুণ বাঢ়িছে। গৱেষকসকলৰ দাবী, মানুহৰ জীৱনত ইণ্টাৰনেট ব্যৱহাৰ বৃদ্ধিৰ ফলতে মানসিক স্বাস্থ্য এক ডাঙৰ সমস্যা হৈ দেখা দিছে।

Post a Comment

0 Comments