সীমান্ত সংঘাতৰ পিছত প্ৰথমটো নেপাল ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, বুদ্ধৰ জন্মস্থানত প্ৰধানমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী

 


২০২০ চনৰ সীমান্ত বিবাদৰ ফলত সম্পৰ্ক তিক্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ নেপাল ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে হিমালয়ৰ দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নেপালী সমকক্ষ শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপালৰ পৱিত্ৰ মায়া দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে। গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনীৰ ঐতিহাসিক মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিয়ে শ্বেৰ বাহাদুৰ দেউবাই।

দেউবাৰ আমন্ত্ৰণত নেপালত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে দিনজোৰা লুম্বিনী ভ্ৰমণ কৰিছে। "নেপালত অৱতৰণ কৰিলো। বুদ্ধ পূৰ্ণিমাৰ বিশেষ উপলক্ষে নেপালৰ আশ্চৰ্যকৰ লোকসকলৰ মাজত উপস্থিত হৈ সুখী অনুভৱ কৰিছো। লুম্বিনীৰ কাৰ্যসূচীসমূহৰ বাবে অপেক্ষা কৰি আছো।," টুইটাৰত এনেদৰে লিখে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ কাষত অৱস্থিত অশোক স্তম্ভৰ ওচৰত চাকি জ্বলায়। তাৰ পিছত ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া বোধগয়াৰ পৰা বোধি গছৰ গছপুলিত পানী দিয়ে। মায়া দেৱী মন্দিৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে, "বন্ধুত্বৰ এক কালজয়ী বন্ধন..."

Post a Comment

0 Comments