ৰে’লৰ ডবাত এই চিহ্ন লক্ষ্য কৰিছে নিশ্চয়! কিয় থাকে জানেনে?

 


ভাৰতত ৰে’লপথ যোগাযোগৰ জনপ্ৰিয় মাধ্যম। ভাৰতীয় ৰে’লৰ সৈতে জড়িত আছে নানা আশ্চৰ্যচকৰ তথ্য। বহুতেই নাজানে, ৰে’লত বিভিন্ন বস্তু বাখ্যা কৰাৰ বাবে বিশেষ ধৰণর চিহ্ন ব্যৱহাৰ কৰা হয়। ট্ৰেকত যেনেদৰে চিহ্ন থাকে, সেইদৰে প্লেটফৰ্মতো নানা চিহ্ন থাকে। এই ৰে’লৰ চিহ্নবোৰ যাত্ৰীসকলে জনাটো প্ৰয়োজন, কাৰণ এইবোৰত বহু তথ্য থাকে।

কেবল চিহ্নই নহয়, এই চিহ্নবোৰৰ বিভিন্ন ৰঙৰো আছে তাৎপৰ্য। জানো আহক, কি কি ৰঙৰ চিহ্নই কি কি বুজায়।

ডবাৰ বাহিৰত হালধীয়া ষ্ট্ৰাইপৰ অৰ্থ : সাধাৰণতে দেখা যায় ICF কোচত ডবাৰ শেষত বাহিৰৰ ফালে এই হালধীয়া ষ্ট্ৰাইপ থাকে। ইয়াৰ অৰ্থ হ’ল এইটো জেনেৰেল আনৰিজাৰ্ভড ডবা। দূৰৰ পৰাই এই চিহ্ন চাই সহজতে বুজিব পাৰি যে এইটো জেনেৰেল ডবা।

নীলা ডবাত হালধীয়া ষ্ট্ৰাইপ : আমি প্ৰায়ে লক্ষ্য কৰো যে ৰে’লৰ কিছুমান ডবাৰ আৰম্ভণিতে নীলা বগা ষ্ট্ৰাইপ থাকে। এয়া দেখিলেও বুজিব লাগিব যে এইটো এটা জেনেৰেল ডবা।

EMU/DEMU ৰে’লত সেউজীয়া ষ্ট্ৰাইপ : EMU বা DEMU ৰে’লত যদি সেউজীয়া ষ্ট্ৰাইপ থাকে, তেন্তে ধৰি ল’ব লাগিব যে এয়া লেডিজ কম্পাৰ্টমেণ্ট। অৱশ্যে এই ৰঙৰ পেটাৰ্নবোৰ কেৱল মাত্ৰ মুম্বাই আৰু পশ্চিম ৰে’লৱেত নতুন অটো ড’ৰ ক্লোজিং EMUৰ বাবে তৈয়াৰ কৰা হৈছে।

EMU/DEMU ৰে’লত ৰঙা ষ্ট্ৰাইপ : বহু সময়ত EMU বা DEMU ৰে’লত ৰঙা ষ্ট্ৰাইপ দেখা যায়। ইয়াক কোৱা হয় ফাৰ্ষ্ট ক্লাছ কম্পাৰ্টমেণ্ট।

উল্লেখযোগ্য যে এই ষ্ট্ৰাইপবোৰ বহু সময়ত ৰে’লত নিজৰ ডবা বিচাৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু সময়ত ভিৰ ৰে’লত কোনটো কি ডবা সেয়া বুজা নাযায়। এই ষ্ট্ৰাইপবোৰ থাকিলে সেয়া চাই সহজে ডবা চিনাক্ত কৰিব পাৰি। নীলা ডবাত হালধীয়া ষ্ট্ৰাইপ থাকিলে বুজা যায় সেয়া বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্দিষ্ট।

ভাৰতীয় ৰে’লে যাত্ৰীৰ সুবিধাৰ প্ৰতি নজৰ দিয়ে। ডবা বা ৰেকত এই ষ্ট্ৰাইপবোৰে এফালে ৰে’লখনক দৃষ্টিনন্দন কৰি তোলে,আনহাতে সেৱাৰ ফালৰ পৰাও এক বাৰ্তা দিয়ে।

Post a Comment

0 Comments