দুয়োৰে প্ৰিয় শীতকাল, এনে ঋতুতে বিবাহপাশত আবদ্ধ হ'ব নেকি মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ?

 


বলীউডত বিয়াৰ জোৱাৰ উঠিছিল, কিন্তু ইয়াৰ জিলিকনি এতিয়াও শেষ হোৱা নাই। কেটৰিনা কাইফ-বিকি কৌশল, আলিয়া ভাট-ৰণবীৰ কাপুৰ আদি বহুকেইগৰাকী চেলিব্ৰিটীৰ বিয়াৰ পিছত এতিয়া অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰায়ো (Malaika Arora and Arjun Kapoor) মন মেলিছে বিয়ালৈ।

বলীউড লাইফৰ এক প্ৰতিবেদন (Bollywood Life report) অনুসৰি, তেওঁলোকে ২০২২ চনৰ নৱেম্বৰ বা ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে অৰ্জুন আৰু মালাইকা ইজনে সিজনৰ প্ৰেমত মচগুল, দুয়োৱে হৃদয়ৰ গভীৰৰ পৰা গঢ় দিয়া ভালপোৱাক আন এটা সম্পৰ্কলৈ আগুৱাই নিব বিচাৰে।

Post a Comment

0 Comments