ভাৰতত ইণ্টাৰনেট ডাটা পেকৰ খৰচ ইমান কম যে অবাক হৈ যায় আন দেশ : নৰেন্দ্ৰ মোদী


 নতুন ভাৰতে কেৱল মাত্ৰ নিৰাপদ ভৱিষ্যতৰ কথাই চিন্তা নকৰে, ৰিস্কো লয়! সোমবাৰে বাৰ্লিনত ভাৰতীয় শাসন ব্যৱস্থাত প্ৰযুক্তিক যিদৰে অন্তৰ্ভুক্ত কৰা হৈছে তাৰ প্ৰশংসা কৰিবলৈ গৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰ্লিনত প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, ‘মেক ইন ইণ্ডিয়া’ আত্মনিৰ্ভৰ ভাৰতৰ চালিকা শক্তি হৈ উঠিছে। মোদীয়ে কয়, ভাৰতত শাসন ব্যৱস্থাত প্ৰযুক্তিক যিদৰে অন্তৰ্ভুক্ত কৰা হৈছে, সি দেশৰ নতুন ৰাজনৈতিক ইচ্ছাৰ লগতে গণতন্ত্ৰৰ ব্যাপক সামৰ্থ্যৰ কথাও কয়।

‘নতুন ভাৰত’ সম্পৰ্কে ক’বলৈ মোদীয়ে জনায়, দেশে কেৱল নিজৰ নিৰাপদ ভৱিষ্যতৰ কথা নাভাৱে। ‘‘ভাৰতে ৰিস্ক লয়, উদ্ভাৱন কৰে, উদ্ভুত হয়। মোৰ মনত আছে যে ২০১৪ চনত আমাৰ দেশত মাত্ৰ ২০০–৪০০ ষ্টাৰ্টআপ আছিল। আজি দেশত ৬৮,০০০ টাৰো অধিক ষ্টাৰ্টআপ আছে’’ – ক’লে মোদীয়ে।

‘‘আজি যিদৰে ভাৰতত শাসন ব্যৱস্থাত প্ৰযুক্তিক অন্তৰ্ভুক্ত কৰা হৈছে, সেয়া নতুন ভাৰতৰ ৰাজনৈতিক সদিচ্ছাৰ প্ৰকাশ... এতিয়া কোনো প্ৰধানমন্ত্ৰীক ক’ব নালাগে যে আমি দিল্লীৰ পৰা ১ টকা পঠিয়াওঁ কিন্তু মাত্ৰ ১৫ পইচা মানুহৰ হাতত পৰে’’, কংগ্ৰেছক কটাক্ষ কৰি কয় প্ৰধানমন্ত্ৰীয়ে।

নৰেন্দ্ৰ মোদীয়ে ভাৰতত ইণ্টাৰনেট ডাটাৰ কম দামৰ বিষয়েও উল্লেখ কৰে আৰু কয় যে এই বিষয়টো অনেক দেশৰ বাবে ‘অবিশ্বাস্য’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উল্লেখ কৰে যে চৰকাৰে উদ্ভাৱকসকলক কেৱল শৃংখলিত কৰাই নহয়, তেওঁলোকৰ মাজত শক্তি সঞ্চাৰ কৰি আগুৱাই নিছে।

Post a Comment

0 Comments