স্কুললৈ যোৱাৰ পূৰ্বে সন্তানক এইবোৰ শিকাইছেনে? নহ’লে বিপদত পৰিব আপোনাৰ শিশুটি!


 স্কুলীয়া জীৱন যিকোনো শিশুৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ। কিন্তু স্কুল জীৱন যাতে মসৃন হৈ উঠে তাৰ বাবে একাধিক বিষয়ত নজৰ দিয়া দৰকাৰ।

দুবছৰ পিছত পুনৰ স্কুললৈ গৈছে শিশুসকল। সেয়ে স্কুললৈ যোৱাৰ পূৰ্বে কিছু বিষয় ভালকৈ মনত কৰি দিয়ক।

পৰিষ্কাৰ পৰিচ্ছনতাৰ পাঠ খুবেই গুৰুত্বপূৰ্ণ। স্কুলত ঘৰৰ দৰে পৰিৱেশ পোৱা নাযায়। সেয়ে কিছুমান সতৰ্কতা অৱলম্বন কৰিবই লাগিব। সংক্ৰমণ এৰাই চলিবলৈ ব্যক্তিগত হাত ধোৱা আদি শিকোৱাৰ লগতে স্বাস্থ্য ৰক্ষাৰ কথা শিকাওক।

দলগতভাৱে কাম কৰাৰ খুটিনাটিও শিকাই স্কুলীয়া জীৱনে। দলগতভাৱে থকাৰ বাবে কিছু বৈশিষ্ট্যৰ দৰকাৰ। সেয়ে শিশুক শিকাওক সহপাঠীৰ সৈতে কাজিয়া নকৰি সৌহাৰ্দমূলক সম্পৰ্ক বজাই ৰাখিবলৈ।

স্কুললৈ যোৱাৰ পূৰ্বে অভিভাৱকসকলে বহু সময়ত শিশুক আখৰ আৰু সংখ্যা পঢ়িবলৈ শিকায়। তাতকৈ গুৰুত্বপূৰ্ণ হ’ল দেহৰ অংগ, ৰং, পশু–পক্ষীৰ নামৰ দৰে কথাবোৰ শিকোৱা।

ঘৰত আপুনি শিশুটিক খাদ্য খুৱাই দিব পাৰে। কিন্তু স্কুলত সন্তানে সেই সুবিধা নাপাব। সেয়ে স্কুলীয়া জীৱনৰ পূৰ্বেই শিশুক নিজেই খোৱাৰ অভ্যাস কৰক। খোৱাৰ আগতে হাত ধুবলৈ শিকাওক।

স্কুলীয়া জীৱনৰ আৰম্ভণিৰ শিক্ষা ঘৰতে দিয়ক। শিক্ষক–শিক্ষয়িত্ৰীসকলে নিশ্চয় শিকাব। আপুনি অন্তত ভুল কৰিলে যেন সন্তানে ‘ছৰী’ কয়। লগতে কেতিয়া থেংক ইউ ক’ব বুজাই দিয়ক।

Post a Comment

0 Comments