যোৰহাটত ATMৰ ওপৰত পৰি আছিল নগদ একলাখ টকা, এজন যুৱকে পাই কৰিলে এই কাম! বুটলিছে প্ৰশংসা

 


ধৰি লওক আপুনি এটা এটিএমলৈ সোমাই গৈছে টকা উলিয়াবলৈ আৰু দেখিছে যে এটিএমটোৰ ওপৰত পৰি আছে একলাখ টকা। তেনে অৱস্থাত আপুনি কি কৰিব! যোৰহাটত এজন যুৱক সন্মুখীন হ’ল তেনে এক পৰিস্থিতিৰ। আৰু তাৰ পিছত যুৱকজনে কৰা কাৰ্যৰে বৰ্তমান চৰ্চিত হৈ পৰিছে যুৱকজন।

যোৰহাট নগৰৰ কবৰস্তান ৰোডৰ মহম্মদ ৰাজু নামৰ যুৱকজন যোৰহাট নগৰস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য শাখাৰ এটিএমলৈ গৈছিল কিছু টকা জমা কৰিবলৈ। কিন্তু এটিএমত সোমাই ৰাজু হতভম্ব হৈ পৰিছিল। কাৰণ এটিএমটোৰ ওপৰত কাগজেৰে মেৰিওৱা অৱস্থাত পৰি আছিল নগদ একলাখ টকা। গৰাকীবিহীনভাৱে পৰি থকা টকাখিনি দেখি হতভম্ব হৈ পৰিছিল ৰাজু। কিংকৰ্তব্যবিমূঢ় হৈ পৰা ৰাজুৱে তাৎক্ষণিকভাৱে যোগাযোগ কৰে যোৰহাট সদৰ থানাৰ আৰক্ষীৰ সৈতে। আৰু তাৰ পিছতে টকাখিনি প্ৰকৃত গৰাকীক গতাই দিবৰ বাবে আৰক্ষীৰ হাতত অৰ্পণ কৰে।

Post a Comment

0 Comments