পুনৰ পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ! জয়েৰে প্লে অফৰ আশা সজীৱ কৰি ৰাখিলে KKR এ ...


 পাঁচবাৰৰ অভিলেখ বিজয়ী চেম্পিয়ন দল মুম্বাই ইণ্ডিয়ানছে আই পি এল-২০২২ত (IPL 2022) তেওঁলোকৰ ৯ম পৰাজয়ৰ সন্মুখীন হৈছে। তেওঁলোক সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR vs MI) দ্বাৰা ৫২ ৰাণত পৰাজিত হৈছে।

সোমবাৰে ডি ৱাই পাটিল স্পৰ্টছ ষ্টেডিয়ামত খেলা ছিজনৰ ৫৬ সংখ্যক খেলত কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। কলকাতাৰ হৈ ভেংকটেশ আয়াৰ আৰু নীতিশ ৰাণাই ৪৩ ৰানকৈ সংগ্ৰহ কৰে। ইয়াৰ পিছত, মুম্বাই দলটো ১৭.৩ অভাৰত ১১৩ ৰাণত অল আউট হয়। মুম্বাইৰ হৈ অপেনাৰ ঈশান কিষাণে ৫১ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। তেওঁ ৪৩ টা বলত ৫ টা চাৰি আৰু ১ টা ছয় মাৰিছিল। অৱশ্যে, তেওঁৰ বাহিৰে, আন কোনো বেটছমেনে দৃঢ়তা দেখুৱাব নোৱাৰিলে। কলকাতাৰ হৈ পেচাৰ পেট কামিন্সে ৩টা উইকেট দখল কৰাৰ লগতে আন্দ্ৰে ৰাছেলে ২টা উইকেট দখল কৰে।

Post a Comment

0 Comments