হাই কলেষ্টেৰল মানে কি আৰু ইয়াৰ লক্ষণবোৰ আপুনি জানেনে?


 কলেষ্টেৰল (Cholesterol) হৈছে যকৃতৰ দ্বাৰা উৎপন্ন হোৱা এক চৰ্বিসদৃশ পদাৰ্থ। ই কোষ আৱৰণ, হৰমন আৰু ভিটামিন ডি (Vitamin D) গঠনত সহায় কৰে। যিহেতু কলেষ্টেৰল পানীত অদ্ৰৱণীয়, ই শৰীৰত নিজে ভ্ৰমণ কৰিব নোৱাৰে। লাইপোপ্ৰ'টিনে (Lipoproteins) তেজৰ প্ৰবাহৰ জৰিয়তে কলেষ্টেৰল পৰিবহনত সহায় কৰে, আৰু সেইবোৰ দুটা মুখ্য প্ৰকাৰৰ – LDL আৰু HDL।

LDL (Low-density Lipoproteins)) বা বেয়া কলেষ্টেৰলৰ ফলত হৃদআক্ৰমণৰ দৰে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে কিয়নো LDL ধমনীত জমা হয় আৰু ধমনী ব্লক কৰি তেজৰ প্ৰবাহত বাধা দিয়ে। HDL (high-density Lipoproteins)ক ভাল কলেষ্টেৰল বুলি কোৱা হয় আৰু ই অতিৰিক্ত LDLক যকৃতলৈ ঘূৰাই পঠিওৱাত সহায় কৰে যাতে যকৃতই অতিৰিক্ত LDL শৰীৰৰ পৰা আঁতৰাই পঠায়াব পাৰে।

উচ্চ কলেষ্টেৰল কি?
অধিক চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত আপোনাৰ তেজত LDL বৃদ্ধি হয়, এই অৱস্থাটোক উচ্চ কলেষ্টেৰল (HIGH CHOLESTEROL) বুলি কোৱা হয়। ইয়াক হাইপাৰকলেষ্টেৰলেমিয়া (hypercholesterolemia) বা হাইপাৰলিপিডেমিয়া (hyperlipidemia) বুলিও কোৱা হয়। উচ্চ কলেষ্টেৰলক LDLৰ অস্বাভাৱিক উচ্চ স্তৰ বা HDLৰ অস্বাভাৱিকভাৱে নিম্ন স্তৰৰ দ্বাৰা শ্ৰেণীবদ্ধ কৰা হয় যাৰ ফলত আপোনাৰ ধমনীত চৰ্বি জমা হয়। ইয়াৰ ফলত ধমনীবোৰ অৱৰুদ্ধ হয় আৰু তেজৰ প্ৰবাহ হঠাতে হ্ৰাস হয় যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ আৰু মগজুত মাৰাত্মক সমস্যা হয়।

Healthlineৰ মতে, আপুনি উচ্চ কলেষ্টেৰলত ভুগিছে নে নাই জানিবলৈ তেজ পৰীক্ষা হৈছে একমাত্ৰ উপায়। ইয়াৰ লক্ষণবোৰ আৰম্ভণিতে দেখা নাযায় যদিও আপুনি কিছুমান লক্ষণৰ পৰা ইয়াক চিনিব পাৰে:

উচ্চ ৰক্তচাপ
যেতিয়া ধমনীবোৰ উচ্চ LDLৰ বাবে অৱৰুদ্ধ হয় তেজৰ চলাচল কঠিন হয় আৰু ই আপোনাৰ ৰক্তচাপ ( blood pressure) বৃদ্ধি কৰিব পাৰে।

Post a Comment

0 Comments