চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! পুনৰ বৃদ্ধি হ’ব পাৰে ডিএ!

 


জানুৱাৰী আৰু ফেব্ৰুৱাৰীত AICP Index কম হোৱাৰ পিছত মাৰ্চত বিৰাট বৃদ্ধি দেখা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিব পাৰে ভাল খবৰ। কিয়নো মাৰ্চ ২০২২ৰ পিছত মহাৰ্ঘ ভাট্টা বা ডিএ পুনৰ বৃদ্ধি হ’ব পাৰে।

জুলাই ২০২২ত পুনৰ ডিএ বৃদ্ধি কৰা হ’ব পাৰে বুলি ওলাইছে খবৰ।

জানুৱাৰী আৰু ফেব্ৰুৱাৰীত AICP Index কম হোৱাৰ পিছত মাৰ্চত বিৰাট বৃদ্ধি দেখা গৈছে।

এই তথ্য পোহৰলৈ অহাৰ পিছতে ধৰি লোৱা হৈছে যে পুনৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিব পাৰে।

সূত্ৰ অনুসৰি, জানুৱাৰী ২০২২ত AICPI Indexৰ গড় ১২৫.১ পইণ্ট আছিল। ফেব্ৰুৱাৰীত সেয়া পৰি হয় ১২৫। এই তথ্যৰ ভিত্তিত ধাৰণা কৰা হৈছিল যে মাৰ্চতো পইণ্টৰ পতন হ’ব।

কিন্তু দেখা গৈছে যে পইণ্ট বাঢ়ি ১২৬ হৈছে। মাৰ্চত ডিএ বৃদ্ধিৰ সূচক দেখাৰ পিছত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে জুলাই ২০২২ত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৩ শতাংশ বৃদ্ধি পাব।

কিন্তু শেষ সিদ্ধান্ত হ’ব এপ্ৰিল, মে’ আৰু জুনৰ তথ্য পোহৰলৈ আহিলে। কিন্তু আসন্ন মাহসমূহত যদি ডিএ বৃদ্ধিৰ সূচক এনেদৰেই থাকে তেন্তে ৪ শতাংশ পৰ্যন্ত ডিএ বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে।

সপ্তম বেতন কমিচনৰ পৰামৰ্শ মতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ বছৰত দুবাৰ বৃদ্ধি পায়। প্ৰথম জানুৱাৰী আৰু পিছত জুলাইত বৃদ্ধি পায়। ইতিমধ্যে জানুৱাৰী ২০২২ৰ ডিএ মাৰ্চত ৩ শতাংশ বৃদ্ধি পাইছে।

ইয়াৰ লগতে ৩ শতাংশ তিনি মাহৰ বকেয়া টকা দিয়া হয়। জুলাই ২০২২ত মহাৰ্ঘ ভাট্টা বৃদ্ধি প্ৰাপ্ত হ’ব।

Post a Comment

0 Comments