মই মোৰ সকলো কাপোৰ হেৰুৱালোঁ, কাঁ ফিল্ম ফেষ্টিভেললৈ গৈ এই মন্তব্য পূজা হেগড়েৰ, তেনেহ'লে কি পিন্ধি খোজ দিলে ৰেড কাৰ্পেটত?

 


কাঁ ফিল্ম ফেষ্টিভেল (Cannes Film Festival 2022)লৈ গৈ নিজৰ সকলো কাপোৰ হেৰুৱালে হেনো অভিনেত্ৰী পূজা হেগড়ে (Pooja Hegde)ই। বহু আকাংক্ষিত ৰেড কাৰ্পেট (red carpet)ত খোজ দিবলৈ গৈ যে ৰোলাৰ ক’ষ্টাৰ ৰাইডহে কৰিলে পূজা হেগড়েই। এই বছৰ কাঁ ফিল্ম ফেষ্টিভেলত অভিষেক ঘটোৱা অভিনেত্ৰীগৰাকীয়ে ষ্টেলাৰ আউটফিটত টপ গান: মেভেৰিক (Top Gun: Maverick)ৰ প্ৰিমিয়াৰৰ সময়ত ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। অৱশ্যে কঁন চলচ্চিত্ৰ মহোৎসৱলৈ এই প্ৰথম ভ্ৰমণতে তেওঁৰ সকলো কাপোৰ আৰু মেকআপ হেৰুৱাই পেলোৱাৰ কথা এতিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে।

শেহতীয়াকৈ সাক্ষাৎকাৰ এটাত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ এক ত্ৰুটিহীন অভিষেকৰ বাবে দলটোৱে প্ৰয়োজনীয় সামগ্ৰী আৰু অন্যান্য বস্তু জৰুৰীভাবে ব্যৱস্থা কৰিব লগা হৈছিল। তেওঁ লগতে কয় যে ৰেড কাৰ্পেটত দেখা নিদিয়ালৈকে দলটোৱে একো খোৱাও নাছিল।

Post a Comment

0 Comments