দিল্লীৰ প্লে-অফ খেলাৰ স্বপ্নভংগ, মুম্বাইৰ হাতত পৰাজয় দিল্লীৰ ! প্লে অফত উপনীত RCB ...

মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ (IPL 2022) ৰ ৬৯ তম লীগ মেচত দিল্লী কেপিটেলছক (MI vs DC) ৫ উইকেটত পৰাস্ত কৰি দিল্লীৰ প্লে অফত উপনীত হোৱাৰ সপোন ভাঙিছে। মুম্বাইৰ বিজয়ৰ সৈতে, ৰয়েল চেলেঞ্জাৰ্ছ প্লে অফত উপনীত হোৱা চতুৰ্থ দল হিচাপে পৰিগণিত হয়।

দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়ৰ বাবে ১৬০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে। দিল্লীৰ হৈ ৰোভমেন পাৱেলে সৰ্বাধিক ৪৩ ৰাণ সংগ্ৰহ কৰাৰ আনহাতে অধিনায়ক ঋষভ পন্ত ৩৯ ৰাণত আউট হয়। মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহে তিনিটা উইকেট লাভ কৰি সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল। প্ৰত্য়ুত্তৰত মুম্বায়ে ১৯.১ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মুম্বাইৰ হৈ ডেভিডে মাত্ৰ ১১টা বলত ৩৪ ৰান কৰি দিল্লীৰ স্বপ্ন ভংগ কৰে।

Post a Comment

0 Comments