Navjot Singh Sidhu in Jail: কাৰাগাৰত গেঞ্জী-চোলাৰ উপৰি কি কি দিয়া হৈছে সিদ্ধুক, জেলৰ খাদ্য কিয় খোৱা নাই সিদ্ধুৱে?

 


পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি নৱজোত সিং সিদ্ধু (Navjot Singh Sidhu)ক পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰ (Patiala Central Jail)ত ৰখা হৈছে। ৩৪ বছৰ পুৰণি গোচৰটোত উচ্চতম ন্যায়াল (Supreme Court)য়ে এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে কাৰাগাৰৰ আলহী হৈছে নৱজোত সিং সিদ্ধু। কিন্তু জেলত একো খোৱা নাই বুলি দাবী কৰিছে সিদ্ধুৰ অধিবক্তাই। অধিবক্তাই কোৱা মতে নৱজোত সিং সিদ্ধুৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল জেল প্ৰশাসনৰ সন্মুখত।

সিদ্ধুৰ অধিবক্তা এইচ পি এছ বাৰ্মাই জনোৱা মতে, সিদ্ধুৰ ঘেঁহুৰ প্ৰতি এলাৰ্জী (Wheat Allergy) আছে। ইয়াৰ বাবেই তেওঁ জেলৰ খাদ্য খাব নোৱাৰে। সিদ্ধুৰ স্বাস্থ্যৰ কথা উল্লেখ কৰি জেলৰ মেনুৱেল অনুসৰি খাদ্য যোগান ধৰিবলৈ আদালতৰ পৰা জনোৱা হৈছিল। সিদ্ধুৰ অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত পাটিয়ালা চেচন আদালতে কাৰাগাৰ প্ৰশাসনৰ পৰা সঁহাৰি বিচাৰিছিল।

Post a Comment

0 Comments