এপ্ৰিল মাহত 4G ইণ্টাৰনেট স্পীডৰ শীৰ্ষত ৰিলায়েন্স জিঅ', TRAI-এ প্ৰকাশ কৰিলে তালিকা

 


হাই স্পীড ইণ্টাৰনেটৰ ক্ষেত্ৰত সদায়েই প্ৰথম ৰিলায়েন্স জিঅ'। এভাৰেজ 4G ডাউনলোড স্পীডৰ ক্ষেত্ৰত জিঅ'ই এপ্ৰিল মাহতো শীৰ্ষস্থান ধৰি ৰাখিবলৈ সক্ষম হৈছে। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটীয়ে প্ৰকাশ কৰা এপ্ৰিল মাহৰ তালিকা অনুসৰি শীৰ্ষস্থানত ৰিলায়েন্স জিঅ'।

জিঅ'ই এপ্ৰিল মাহত ২৩.১ এমবিপিএছ গড় ডাউনলোড স্পীড অৰ্জন কৰিছে। যি মাৰ্চ মাহত আছিল ২১.১ এমবিপিএছ।

ভোডাফোন আইডিয়া, এয়াৰটেল আৰু BSNL নেটৱৰ্কে এপ্ৰিল মাহত ক্ৰমান্বয়ে ১৭.৭ এমবিপিএছ, ১৪.১ এমবিপিএছ আৰু ৫.৯ এমবিপিএছ গড় ডাউনলোড স্পীড পঞ্জীয়ন কৰিছে।

Post a Comment

0 Comments