দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে T20 দলৰ অধিনায়ক হ'ব কে এল ৰাহুল, পুনৰ দললৈ উভতিল হাৰ্দিক পাণ্ডিয়া

 


দক্ষিণ আফ্ৰিকা (South Africa)ৰ বিৰুদ্ধে T20 আৰু ইংলেণ্ড (England)ৰ বিৰুদ্ধে এখন টেষ্ট খেলৰ বাবে বিচিচিআই (BCCI)য়ে ঘোষণা কৰিছে টিম ইণ্ডিয়া। ৯ জুনৰ পৰা আৰম্ভ হ’ব ৫খন মেচৰ টি-২০ শৃংখলা। ছিৰিজৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে কে এল ৰাহুল (KL Rahul)ক। আন আন জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হৈছে। টি-২০ বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে দলটোত স্থান লাভ কৰিছে হাৰ্দিক পাণ্ডিয়া (hardik Pandya)ই। আই পি এল ২০২২ত বেটেৰে সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে বহুদিনৰ মূৰত দললৈ ঘূৰি আহিছে দীনেশ কাৰ্তিক (Dinesh Kartik)। টেষ্ট দলৰ কমাণ্ড আছে ৰোহিত শৰ্মা (Rohit Sarma)ৰ হাতত।

ইতিমধ্যে অনুমান কৰা হৈছিল যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাত উমৰাণ মালিকে (Umran Malik) সুযোগ পাব। উমৰাণ মালিকে আই পি এল (IPL 2022)ত প্ৰতি ঘণ্টা ১৫০ কিলোমিটাৰৰ অধিক গতিৰে বল কৰি সকলোকে আচৰিত কৰি তুলিছিল। প্ৰথমবাৰৰ বাবে দলটোত স্থান দখল কৰাত সফল হৈছে তেওঁ। একেদৰে বাওঁহতীয়া বেগী বলাৰ অৰ্শদীপ সিঙে (Arshadeep Singh)ও স্থান লাভ কৰিছে। আনহাতে ভেংকটেশ আয়াৰ (Venkatesh Iyre)ক দুৰ্বল প্ৰদৰ্শনৰ পিছতো সুযোগ দিয়া হৈছে।

৯ জুন তাৰিখৰ পৰা T20 ছিৰিজ

৯ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৫খন খেলৰ টি-২০ শৃংখলা। প্ৰথমখন মেচ দিল্লীত অনুষ্ঠিত হ’ব। ১২ জুনত কটকত দ্বিতীয়খন খেল, ১৪ জুনত বিশাখাপট্টনমত তৃতীয়খন টি-২০, ১৭ জুনত ৰাজকোটত চতুৰ্থখন টি-২০ আৰু ১৯ জুনত বেংগালুৰুত পঞ্চম আৰু অন্তিমখন টি-২০ খেল অনুষ্ঠিত হ’ব। আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে ১ জুলাইৰ পৰা ৫ জুলাইলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব টেষ্ট। পূৰ্বে কোৰ’নাৰ বাবে এইখন খেল অনুষ্ঠিত কৰিব পৰা নগ’ল। ছিৰিজত ২-১ ব্যৱধানত আগবাঢ়ি আছে টিম ইণ্ডিয়া।

T20 দল: কে এল ৰাহুল (অধিনায়ক), ঋতুৰাজ গাইকোৱাড, ঈশান কিষাণ, দীপক হুদা, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ভেংকটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল , আৱেশ খান, আৰ্শদীপ সিং আৰু উমৰাণ মালিক।

Post a Comment

0 Comments