জন্মৰ ১০০ দিনৰ পিছত কণমানি কন্যাৰ ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকা চোপ্ৰাই, মাহীয়েক পৰিণীতিয়ে লিখিলে...

 


বছৰৰ আৰম্ভনিতে চাৰ’গেচিৰ মাধ্যমেৰে জন্ম হোৱা নিজৰ কন্যাৰ বিষয়ে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে (Priyanka Chopra Nick Jonas Daughter) জনাইছিল। প্ৰিয়ংকা আৰু নিকে শেহতীয়াকৈ মাদাৰ্ছ ডে’ উপলক্ষ্যে নিজৰ মৰমলগা কন্যাৰ ফটো শ্বেয়াৰ কৰিছে। এই ছবিত তেওঁলোকৰ অনুৰাগীসকলৰ পৰা আৰম্ভ কৰি ফিল্ম ইণ্ডাষ্ট্ৰীৰ সৈতে জৰিত তেওঁলোকৰ বন্ধুসকলে মৰম যাচি দম্পত্তিক আকৌ এবাৰ শুভেচ্ছা দিছে। প্ৰিয়ংকাৰ সহ শিল্পী ৰণবীৰ সিঙে (Ranveer Singh) কমেণ্টত কলিজাৰ চিহ্নৰ সৈতে ‘অহ পিচি’ লিখিছে।

আনহাতে প্ৰীতি জিণ্টাই কমেণ্টত লিখিছে, ’জানি সুখ পালো যে ঘৰলৈ তাই আহিল অৱশেষত। অভিভাৱক হোৱাৰ প্ৰতি মুহূৰ্ত আৰু মাক হোৱাৰ আনন্দ উপভোগ কৰা। বহুত মৰম।' সোনম কাপুৰে লিখে, 'আপোনালোক তিনিওলৈ বহুত মৰম।' আনহাতে ফিল্মমেকাৰ জোয়া আখতাৰ, দিয়া মিৰ্জা, কেটৰিণা কেইফ (Katrina Kaif), শিৱানী ডাণ্ডেকাৰ সহ আন বহুকেইগৰাকী চেলিব্ৰিটীয়ে পোষ্ট লাইক কৰি শুভেচ্ছা জ্ঞাপন কৰে।

পৰিণীতি চোপ্ৰাই এই মন্তব্য কৰে...

প্ৰিয়ংকা চোপ্ৰাৰ সম্পৰ্কীয় ভগ্নী পৰিণীতি চোপ্ৰাই মন্তব্যটোত এটা দীঘলীয়া বাৰ্তা মন্তব্য কৰিছে, "যোৱা তিনিমাহ আপোনালোক দুয়োকে এনেদৰে দেখাটো অতি কঠিন আৰু অনুপ্ৰেৰণাদায়ক আছিল। মিমি দিদি – মই চিকিৎসালয়ত এজন সৈনিকক দেখিছিলো – আপুনি। আৰু সৰু আইজনীয়ে ইতিমধ্যে আমাক বহুত শিকাইছে যিবোৰ তাই আনকি নিজেই নাজানে! এতিয়া তেওঁক নষ্ট কৰাৰ সময়।"

Post a Comment

0 Comments