দোকানৰ সামগ্ৰী আনিবলৈ গৈ দেৰগাঁৱৰ শিশুৱে পালে ফ্ৰান্স! কাঁ চলচ্চিত্ৰ মহোৎসৱত অসমৰ ছবি ‘বুম্বা ৰাইড'


 ফ্ৰান্সৰ বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ভিন্ন শাখাত অসমৰ ছবি ‘বুম্বা ৰাইড' যোৱা ২২ মে'ত প্রদর্শিত হয়। অসমৰ চলচ্চিত্ৰ উদ্যোগৰ লগতে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই অনা ‘বুম্বা ৰাইড'ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন (Producer Luit Kumar Barman) আৰু পৰিচালক বিশ্বজিত বৰা (Director Biswajit Bora)। ভাৰত চৰকাৰে এই শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰা পাঁচখন আঞ্চলিক ভাষাৰ ভাৰতীয় ছবিৰ ভিতৰত স্থান পাইছিল বুম্বা ৰাইডে।

চলচ্চিত্ৰখনৰ এই কৃতিত্ব সন্দৰ্ভত পৰিচালক বিশ্বজিত বৰাই কয়- ''কাঁ চলচ্চিত্ৰ মহোৎসৱত (Cannes Film Festival) আমাৰ ছবিখন প্ৰদৰ্শন কৰাৰ এই সুন্দৰ সুযোগ দিয়াৰ বাবে মই ভাৰত চৰকাৰ, এন এফ ডি চি আৰু কাঁৰ প্ৰতি কৃতজ্ঞ। মই অতি আশাবাদী যে ছবিখনক বিতৰক, প্ৰদৰ্শক আৰু দৰ্শকে আদৰি ল’ব।''

Post a Comment

0 Comments