আজি পৱিত্ৰ ঈদ–উল–ফিতৰ, দুটা বছৰৰ অন্তত মুক্তমনে ঈদ পালন, ৰাজ্যজুৰি উখল–মাখল পৰিৱেশ


 আজি পৱিত্ৰ ঈদ–উল–ফিতৰ। বিগত দুটা বছৰ ধৰি কোভিডসৃষ্ট পৰিৱেশৰ বাবে ইছলামধৰ্মী লোকসকলে মুকলিকৈ ঈদ পালন তথা ঈদৰ নামাজ পঢ়িব পৰা নাছিল। দুটা বছৰৰ অন্তত এইবাৰ কোভিডৰ বাধা–নিষেধ নাইকীয়া হৈছে। সেয়েহে ইছলাম ধৰ্মাৱলম্বী লোকসকল উৎফুল্লিত হৈ পৰিছে।

আজি সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উছাহ দেখা গৈছে। মকলিমুৰীয়াকৈ সকলো ওলাই আহিবলৈ সক্ষম হৈছে। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ দেখা গৈছে উখল–মাখল পৰিৱেশ।

ইতিমধ্যে সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। ইতিমধ্যে সমূহীয়া নামাজৰ বাবে ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। মহানগৰীৰ মাছখোৱা ঈদগাহ ময়দানতো এইবেলি দেখা যাব সমূহীয়া নামাজ।

Post a Comment

0 Comments