পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। ফলত ইন্ধনৰ দামৰ ক্ষেত্ৰত কিছু পৰিমাণে সকাহ পাব সাধাৰণ জনতাই। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
২০২০ চনত শুল্ক বৃদ্ধিৰ ফলত পেট্ৰ’লৰ ওপৰ কেন্দ্ৰীয় কৰ বৃদ্ধি হৈ সৰ্বোচ্চ ৩২.৯ টকা প্ৰতিলিটাৰ আৰু ডিজেলৰ কৰ বাঢ়ি ৩১.৮ টকা প্ৰতিলিটাৰত হৈছিলগৈ। শনিবাৰৰ শুল্ক হ্ৰাসৰ ফলত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯.৫ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৭ টকা হ্ৰাস পাইছে।
মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ১২০.৫১ টকা, ডিজেলৰ দাম আছিল ১০৪.৭৭
টকা। দেওবাৰৰ পৰা মুম্বাইত পেট্ৰ’লৰ দাম হ’ব প্ৰতিলিটাৰত ১১১.০১ টকা,
ডিজেলৰ দাম হ’ব ৯৭.৭৭ টকা।
দিল্লীত পেট্ৰ’লৰ দাম হ’ব প্ৰতিলিটাৰত ৯৫.৯১ টকা আৰু ডিজেলৰ দাম হ’ব ৮৯.৬৭ টকা প্ৰতিলিটাৰত।
0 Comments