শ্ৰীলংকাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে মন্ত্ৰীৰ প্ৰাসাদোপম অট্টালিকা


 শ্ৰীলংকা (Sri Lanka)ত চৰকাৰ বিৰোধী প্ৰতিবাদে ক্ৰমাত অধিক হিংসাত্মক ৰূপ ধাৰণ কৰিছে। আজি চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এজন মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়ে। বিদায়ী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষে (Mahinda Rajapaksa)ৰ কেবিনেটৰ মন্ত্ৰী সনথ নিশান্ত (Sanath Nishantha)ৰ ঘৰ জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।

শাসকীয় দলটোৰ সমৰ্থকসকলে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰতিবাদকাৰীসকলে ওলোটাই মন্ত্ৰীজনৰ ঘৰত অগ্নিসংযোগহে কৰিলে। এই ঘটনা সংঘটিত হৈছে আৰাচ্চিকট্টুৱাত।

উল্লেখ্য যে অৰ্থনৈতিক সংকটত বিধ্বস্ত দেশখনত আজি চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এজন সাংসদকো হত্যা কৰিছে।

Post a Comment

0 Comments