জাপান ভ্ৰমণ সমাপ্ত কৰি দিল্লীলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জো বাইডেনকো কৰিলে সাক্ষাত্‍


 আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ সৈতে শক্তিশালী আৰু সুদৃঢ় সম্পৰ্কৰ ভেটি মজবুট কৰি থৈ জাপান (Japan)ৰ পৰা নিজ দেশলৈ উভতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। কোৱাড সন্মীলন (QUAD Summit)ত অংশ লোৱাৰ লগতে আমেৰিকা (USA), অষ্ট্ৰেলিয়া (Australia) আৰু জাপানৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষীক আলোচনা কৰি এই দেশ সমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আৰু এক সবল খোজ দিলে নৰেন্দ্ৰ মোদীয়ে।

জো বাইডেন (Joe Biden)ৰ সৈতেও এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মোদী। মোদীয়ে কয়, "আজিৰ আলোচনাসমূহ ব্যাপক আছিল আৰু ইয়াত বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষাৰ লগতে জনসাধাৰণৰ সংযোগকে ধৰি ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ একাধিক দিশ সামৰি লোৱা হৈছিল।"

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিশিদা (Fumio Kishida)ৰ সৈতেও এক উৎকৃষ্ট দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল মোদী।  এই বৈঠকত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্কৰ সম্পূর্ণ পৰিসৰৰ পৰ্যালোচনা কৰাৰ লগতে দুই দেশৰ মাজত সহযোগিতা দ্ৰুতগতিত বৃদ্ধি পোৱাটোৱে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে শুভবাৰ্তা প্ৰদান কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

"জাপানৰ ব্যৱসায়িক নেতাসকলৰ সৈতে মোৰ উৎকৃষ্ট আলোচনা হৈছিল, আৰু জাপানৰ স্পন্দনশীল ভাৰতীয় সমাজৰ সৈতে এক আকৰ্ষণীয় আদান-প্ৰদান হৈছিল। উষ্ম আতিথ্যৰ বাবে জাপানৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জনাইছো।" এইবুলি নিজৰ টুইটত কয় মোদীয়ে।

Post a Comment

0 Comments