ৰছিদ বহী নাই, দাবী-ধমকিৰে সাধাৰণ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰে কৰ! কাহিলীপাৰাত আৰক্ষীৰ জালত পৰিল ৮ ভণ্ড


 যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক সেই সময়তে একাংশ নামি পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা গুণ্ডা কৰ সংগ্ৰহ কৰাত ৷ কাহিলীপাৰা দক্ষিণগাওঁ আৰু চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ সন্মুখত দুখন সাপ্তাহিক বজাৰ বহে৷ মঙলবাৰে  চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ সন্মুখত আৰু শনিবাৰে দক্ষিনগাওঁত বঢ়ে সাপ্তাহিক বজাৰখন ৷

অভিযোগ মতে এই দুটা দিনত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ৫০ৰ পৰা ১৫০টকা পৰ্যন্ত কৰ সংগ্ৰহ কৰে এই যুৱককেইজনে ৷ প্ৰায় এটা বছৰ ধৰি কোনোধৰণৰ ৰচিদ নোহোৱাকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলক দাবী ধমকিৰে ধন সংগ্ৰহ কৰি অহাত অতিষ্ট হৈছিল ব্যৱসায়ীসকল ৷

অৱশেষত ব্যৱসায়ীসকলে উপায়ন্তৰ হৈ সকলো কথা  অৱগত কৰিছিল পৌৰ নিগম আৰু আৰক্ষীক ৷ ঘটনাৰ সন্দৰ্ভত দিছপুৰ থানাত ৰুজু হৈছিল এক গোচৰ ৷ সেই গোচৰৰ ভিত্তিতে ভগদত্তপুৰ আৰক্ষীৰ সহযোগত দিছপুৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে আব্দুল মান্নান,উইন সিংহ,হানিফ আলি,খলিলুল্লাহ,আনচাৰুল আলম,মেহবুব ছেখ,মমতাজ আলম আৰু দিগন্ত টেৰণক ৷

অভিযোগমতে, বিগত ১টা বছৰে এই ৮জনকৈ লোকে কোনো ধৰণৰ ৰচিদ অবিহনে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল ৷ ইতিমধ্য দিছপুৰ আৰক্ষীয়ে আটাইকেইটাকে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জে'ললৈ ৷

Post a Comment

0 Comments