ফাৰাহ খানে ছবিৰ নায়ক ৰূপে বিচাৰি পালে ছানিয়া মিৰ্জাৰ পুত্ৰক! দিব লগা পাৰিশ্ৰমিকৰ মূল্য দেখি আচৰিত সকলো

 


এটা সময় আছিল যেতিয়া ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই বলীউডত আত্মপ্ৰকাশ কৰিব নে নাই, তাক লৈ চৰ্চাৰ কোনো অন্ত নাছিল। কিন্তু ছানিয়া মিৰ্জাই খেলুৱৈৰ পিছতে এগৰাকী গৃহিণীৰ পৰিচয়েৰেহে পৰিচিত হ'ল।

কিন্তু শেহতীয়াকৈ বলীউডৰ পৰিচালক ফাৰাহ খানে পুনৰ ছানিয়া মিৰ্জা (Sania Mirza) আৰু চলচ্চিত্ৰৰ প্ৰসংগটো ধেমেলীয়া ভংগীৰে চৰ্চালৈ আনিছে। ছানিয়া মিৰ্জাৰ ফাৰাহ খান (Farah Khan) আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ লগতে বলীউডৰ বহুতৰে সৈতে ঘনিষ্ঠ বন্ধুত্ব আছে। তথাপি অভিনয় কেৰিয়াৰ এতিয়াও আৰম্ভ নোহোৱা ছানিয়াৰ পুত্ৰ তথা পাক ক্ৰিকেটাৰ ছোৱেব মালিকৰ পুত্ৰই বলীউডত খোজ পেলাব! ছানিয়া তনয় চাৰে তিনি বছৰীয়া ইজান মিৰ্জা মালিকলৈ (Izhaan Mirza Malik) প্ৰস্তাৱ দিছে ফাৰাহে। কেৱল সেয়াই নহয়, তেওঁৰ মাননিও দিয়া হৈছে। মাননি ৫০০ টকা।

ফাৰাহে তেওঁৰ চলচ্চিত্ৰখনৰ বাবে এজন "নতুন নায়ক" বিচাৰি পোৱা বুলি দাবী কৰিছিল ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰি। ফাৰহে ইজানক বাহুত লৈ বহি থকা অৱস্থাত তোলা ফটোখনত ইজানৰ হাতত ৫০০ টকাৰ নোট আছিল। ফাৰাহে লিখিছিল, "মই মোৰ নতুন নায়কক অতি সস্তাত পাইছিলোঁ। ইজানে মাত্ৰ ৫০০ টকাত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰিছে।'' ফাৰাহে ইজানৰ মাক ছানিয়াকো ধন্যবাদ জনাইছিল যে তেওঁ তেওঁৰ পুত্ৰক ইমান কম দৰমহাত ফাৰহাৰ চলচ্চিত্ৰত অভিনয় কৰিবলৈ অনুমতি দিছিল। ছানিয়াই এই ফটোখনতৰ মন্তব্য ৰূপে প্ৰেমৰ চিহ্ন দিছিল।

Post a Comment

0 Comments